হৰিবংশ নাৰায়ণ হ’ব নেকি পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি! ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ
প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে পদত্যাগ কৰাৰ ২৪ ঘণ্টা পূৰ নহওঁতেই আজি ২২ জুলাই মঙলবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ নাৰায়ণে। যাৰ বাবে এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে হৰিবংশ নাৰায়ণে হ’ব নেকি দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি।
নিয়ম অনুসৰি ৰাজ্যসভাৰ অধ্যক্ষৰ পদ খালী হোৱাৰ পাছতে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে হৰিবংশ নাৰায়ণে। এনে পৰিস্থিতিত তেকেতকেই উপ-ৰাষ্ট্ৰপতি নিযুক্তি দিয়াৰ জল্পনা-কল্পনাও তীব্ৰতৰ হৈ পৰিছে।
জগদীপ ধনখৰৰ পদত্যাগৰ পিছত, সমগ্ৰ দেশতে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিৰ সম্ভাৱ্য চেহেৰা কোন হব পাৰে তাৰে ওপৰত আলোচনা আৰম্ভ হৈছে। এই ক্ষেত্ৰত এতিয়া হৰিবংশ নাৰায়ণৰ নাম সকলোতকৈ আগত বুলি বিবেচিত হৈছে।
এতিয়া সংসদৰ বাৰিষা অধিৱেশনৰ প্ৰথম দিনাই ধনখৰে হঠাতে পদত্যাগ কৰাৰ পাছত আজি মঙলবাৰে ৰাজ্যসভাৰ পুৱাৰ অধিৱেশন পৰিচালনা কৰে হৰিবংশ নাৰায়ণে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















