পুণৰ আহিছে কৰ’ণা, শতাধিক সংক্ৰমণ, অধিক ভয় কৰাৰ কাৰণ নাই কিন্তু…
দেশত পুনৰ গা কৰি উঠিছে কৰ’ণাৰ এক নতুন ভেৰিয়েণ্ট। বৰ্তমানলৈ শতাধিক লোক এই নতুন ভেৰিয়েণ্টত আক্ৰান্ত হোৱা ধৰা পৰিছে। অৱশ্যে ১০০ শতাংশই ভয় কৰাৰ কাৰণ নাই বুলি সদৰি এই নতুন বেৰিয়েণ্টক লৈ। পাছে ইয়াতো আছে এটা কিন্তু। অধিক ভয়ৰ কাৰণ নাই যদিও সাৱধান হোৱাৰ বাবে আহ্বান স্বাস্থ্য বিভাগৰ ফালৰ পৰা।
ছিংগাপুৰত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পিছত এতিয়া ভাৰততো কৰ’ণাৰ নতুন উপ-ভেৰিয়েণ্টে দেখা দিছে। ইনছাক’গ ((INSACOG)ৰ সূত্ৰই প্ৰদান কৰা তথ্য অনুসৰি ভাৰতত মুঠ ৩২৪টা কেপি.২ আৰু কেপি.১ ভেৰিয়েণ্টৰ ৰোগী পোৱা গৈছে। এই দুয়োটা ভিন্নতা JN.1 ভিন্নতাৰ উপ-ভেৰিয়েন্ট। কৰ’ণা মিউটেচনৰ অবিৰত নিৰীক্ষণৰ অন্তত পোহৰলৈ আহিছে এই পৰিসংখ্যা।
‘JN.1 ৰ উপ-ভেৰিয়েন্ট KP.1 আৰু KP.2 ৰ ক্ষেত্ৰ পোৱা গৈছে যদিও ইয়াৰে কোনোটোৱেই অধিক গুৰুতৰ নহয়। আনকি এই সংক্ৰমণ হ’লে চিকিৎসালয়ত ভৰ্তি হোৱাৰো প্ৰয়োজন নাই বুলি সদৰি, কিন্তু KP.2 ৰ পিছত লং কভিড হব পাৰে, যদি লং কভিড হয় তেন্তে ই অধিক প্ৰভাৱশালী হ’ব। সেয়ে এই বিষয়ে অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে।
কিন্তু এটা ইতিবাচক কথা পোহৰলৈ আহিছে যে ডেল্টা অহাৰ পিছত অমিক্ৰম আহিল, তাৰ পিছত জেএন.১ আহিল, তাৰ পিছত ইয়াৰ স্পাইক প্ৰটিনত মিউটেচন হ’ল আৰু এতিয়া কেপি.২ আৰু কেপি.১ আহিল। কিন্তু এটা ভাল দিশ যে, ভেৰিয়েণ্ট বহু আহিলেও ভাবুকিৰ তীব্ৰতা কমি আহিছে। ৰোগীৰ লক্ষণ বা তীব্ৰতা কমি আহিছে। চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যাও ক্ৰমাগতভাৱে হ্ৰাস পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ