অসম লাইভ২৪ঃ এইবাৰ গৰ্ভপাতৰ মেডিচিন পোৱা যাব জাপানতো৷ সেই দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে এই ঔষধত অনুমোদন দিছে৷ শুকুৰবাৰে জাপানৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে যে এইবাৰ দেশত মুকলিকৈ বিক্ৰি কৰিব পাৰিব গৰ্ভপাতৰ ঔষধ৷ এই ঔষধ খায়েই প্ৰাথমিক স্তৰত গৰ্ভপাত কৰিব পাৰিব মহিলাসকলে৷ অস্ত্ৰোপচাৰ অবিহনেই কৰিব পাৰিব গৰ্ভপাত৷ কিন্তু ইয়াৰ বাবে মহিলাগৰাকীৰ স্বামীৰ অনুমোদনৰ প্ৰয়োজন হ’ব৷
২০২১ চনৰ ডিচেম্বৰত অনুমোদনৰ বাবে ব্ৰিটিছ ঔষধ প্ৰস্তুতকাৰী সংস্থাই আৱেদন কৰিছিল৷ অৱশেষত এই আৱেদনৰ স্বীকৃতি দিছে জাপানে৷ সমগ্ৰ পৃথিৱীত পোনতে ফান্সত প্রথম গৰ্ভপাতৰ টেবলেটক অনুমোদন দিছিল৷ সেই অনুমোদন দিছিল ১৯৮৮ চনত৷ আমেৰিকাত ২০০০ চনৰ পৰা এই টেবলেট মুকলিকৈ বিক্ৰি আহিছে৷ এইবাৰ এই টেবলেটত অনুমোদন দিলে জাপানেও৷ গৰ্ভধাৰণৰ ৯ সপ্তাহ পৰ্যন্ত এই টেবলেট খাব পাৰে৷
জাপানৰ এক চৰকাৰী সংবাদমাধ্যমে জনোৱা অনুসৰি চিকিৎসকৰ পৰামৰ্শ মানিহে এই ঔষধ খাব লাগে৷ এইধৰণে গৰ্ভপাত কৰিবলৈ জাপানী মুদ্ৰা অনুসৰি খৰচ হ’ব প্ৰায় এক লাখ ইয়েন৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ৬০ হাজাৰ টকা৷ তাত অস্ত্ৰোপছাৰৰ মাধ্যেমে গৰ্ভপাত কৰিলে খৰচ হয় প্ৰায় একৰ পৰা দুই লাখ টকা ইয়েন৷ জাপানী লোকে কৰা স্বাস্থ্য বীমাৰ পৰা কিন্তু এই খৰচ লাভ নকৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ