ব্যায়াম নকৰাকৈয়ে ওজন হ্ৰাস কৰিলে বিদ্যা বালানে, ৰাজহুৱা কৰিলে গোপন সকলো তথ্য
অভিনেত্ৰী বিদ্যা বালানে প্ৰায়ে ওজন বৃদ্ধি সন্দৰ্ভত বহু সমালোচনাৰ সন্মুখিন হ’বলগীয়া হৈছিল। বহু ছবিতো তেওঁৰ ওজন বৃদ্ধি প্ৰকাশ পাইছে। কিন্তু বিদ্যা বালানে এইবাৰ সঁচাকৈয়ে ওজন হ্ৰাস কৰিছে। আপুনি জানি আচৰিত হ’ব যে বিদ্যা বালানে ব্যায়াম নকৰাকৈয়ে নিজৰ ওজন কমাইছে।
বিদ্যা বালানে নিজেই এই কথা সদৰি কৰিছে। শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীয়ে কয় যে গোটেই জীৱন ওজন বৃদ্ধিয়ে মোক অশান্তি দি আছিল। মই ক্ষীণ হ’বলৈ কি কৰা নাই? ইয়াৰ বাবে মই মোৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিলোঁ আৰু লগতে পাগলৰ দৰে ব্যায়াম কৰিলোঁ। ইয়াৰ বাবে ওজন কমি যায় থিকেই কিন্তু তাৰ পিছত পুনৰ শৰীৰত মেদ আহি যায়। এইবাৰ আমি আন এটা পদ্ধতি গ্ৰহণ কৰিলোঁ আৰু ইয়াৰ ফলাফল ভাল পালো।
প্ৰতিবেদন অনুসৰি বিদ্যা বালানে এইবাৰ ব্যায়াম নকৰাকৈয়ে নিজৰ খাদ্যাভ্যাসত মনোনিৱেশ কৰিছে। বিদ্যাই কয় যে এইবাৰ খাদ্যত এনে খাদ্য বাছি লৈছো যাৰ ফলত প্ৰদাহ নহয়। আপোনাৰ শৰীৰৰ মতে এনে খাদ্য বাছি লওক যিবোৰে প্ৰদাহৰ সৃষ্টি নকৰে।
বিদ্যা বালানে কয় যে প্ৰতিটো প্ৰকাৰৰ খাদ্যই প্ৰতিজন ব্যক্তিৰ শৰীৰত প্ৰভাৱ নকৰে। অৱশ্যে সেই খাদ্য বহুত ভাল হ’ব পাৰে কিন্তু সকলোকে সেই খাদ্য নামানিব পাৰে। গতিকে কেনেধৰণৰ খাদ্যই আপোনাক সহায় কৰে আৰু কি ধৰণৰ খাদ্যই সহায় নকৰে সেই বিষয়ে জানিব লাগে। আমি ভাবো যে সকলো ধৰণৰ সেউজীয়া শাক-পাচলি উপকাৰী কিন্তু সকলোৰে ক্ষেত্ৰত এনে নহবও পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ