তীৰ্থ ভ্ৰমণলৈ গৈ জ্বলি ছাই হ’ল পাইলটসহ ৭লোক, বিশেষ সিদ্ধান্ত- চাৰধামত নিষিদ্ধ হেলিকপ্টাৰ সেৱা
উত্তৰাখণ্ডৰ কেদাৰনাথৰ গৌৰীকুণ্ডত আজি ১৫ জুনৰ পুৱা সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুাৱই পাইলট সহ মুঠ ৭ লোকে। তীৰ্থ ভ্ৰমণলৈ গৈ প্ৰাণ হেৰুৱালে ৬ জনলৈ ভক্তই। জ্বলি ছাই হৈ যায় কেউজন লোকেৰে দেহ ।
এই শোকাৱহ ঘটনাৰ পিছতে চাৰ ধাম যাত্ৰাৰ সময়ত হেলিকপ্টাৰ সেৱা নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব হেলিকপ্টাৰ সেৱা।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৰাজ্যত হেলিকপ্টাৰ চলাচল সন্দৰ্ভত এছ অ’ পি কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। পৰৱৰ্তী আদেশ জাৰি নোহোৱালৈকে ইউকেডিএ আৰু ডিজিচিএই এই সেৱা নিষিদ্ধ কৰিছে। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত হেলি সেৱা পৰিচালনাৰ বাবে কঠোৰ এছ অ’ পি প্ৰস্তুত কৰিব লাগে, য’ত উৰণৰ পূৰ্বে হেলিকপ্টাৰখনৰ কাৰিকৰী অৱস্থাৰ সম্পূৰ্ণ পৰীক্ষা আৰু বতৰৰ সঠিক তথ্য বাধ্যতামূলক কৰিব লাগে।
উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা হেলিকপ্টাৰখন তীৰ্থযাত্ৰীৰ সৈতে গুপ্তকাশীলৈ উভতি আহি আছিল। উভতনি যাত্ৰাতে গৌৰীকুণ্ডৰ ধুৰি খাৰ্কৰ সমীপৰ হাবিত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন। এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হয়।
আজি দেওবাৰে পুৱা প্ৰায় ৫ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। হেলিকপ্টাৰখন আৰ্য্য হেলি এভিয়েশনৰ বুলি জানিব পৰা গৈছে। গৌৰীকুণ্ডৰ ওপৰৰ অঞ্চলত ঘাঁহ কাটি থকা নেপালী মূলৰ মহিলাসকলে হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















