অসম লাইভ২৪ঃ নলবাৰীলৈ আহিল ড্ৰীম গাৰ্ল। ‘শ্ব’লে’ৰ বসন্তীক কাষৰ পৰা চাবলৈ জনতাৰ হেতা-ওপৰা। এই বয়সতো কেনেকৈ ইমান ধুনীয়া হেমা। বয়স বাঢ়িছে, প্ৰায় চাৰে তিনিকুৰি বছৰ। কিন্তু আজিও ফিট হৈ আছে হেমা। সৌন্দৰ্যৰ আঁৰত কি আছে? কেৱল কেমেৰাতহে সুন্দৰ দেখিনে কাষৰ পৰাও দেখাত একেই হেমা! চাব লাগিব। কাষৰ পৰা এবাৰ চালেহে হিয়া শাঁত পৰিব। আজিও হেমা যে বহুতৰে ড্ৰীম গাৰ্ল প্ৰমান হ’ল নলবাৰীৰ ৰাসথলী। লক্ষাধিক মানুহেৰে ভৰি পৰিল নলবাৰী।
হেমামালিনীক চাবলৈ অহা জনতা দেখি মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাইয়ো মন্তব্যত কয় যে এয়া অসমৰ বাবে শুভ লক্ষণ। এনেকৈয়ে বলীউডৰ অভিনেতাসকল আহি আমাৰ ৰাস চাওক তেতিয়া দেশৰ চুকে-কোণে জনতাই জানিব অসম মুলূকত নলবাৰী নামৰ ঠাই আছে, তাত ৰাস নামৰ কিবা এটা অনুষ্ঠান পতা হয়।
বলীউড তাৰকা হেমাই ভিণ্টেজ কাৰত উঠি ৰাসৰ উদ্বোধন থলীলৈ যাত্ৰা কৰাৰ ভিডিঅ’ এতিয়া সকলোৰে মোবাইলে মোবাইলে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই হেমামালিনীৰ অনুষ্ঠানক লৈ এটা ব্লগ শ্বেয়াৰ কৰিছে। ডিম্পুৱে হেমাক দেখুওৱাৰ ওপৰিও জনসমূদ্ৰৰ মাজত একোজন সাংবাদিকে ঘৰতে বহি চাব পৰাকৈ হেমাক লৈ যোৱাৰ আঁৰত সাংবাদিকজনৰ কষ্টৰ কথাবোৰ উল্লেখ কৰিছে।
ডিম্পুৱে তেওঁৰ ব্লগত উল্লেখ কৰিছে, ‘এনেকৈ জনসমূদ্ৰ ঠেলি ঠেলি ভিজুৱেল লোৱা সহজ কথা নহয়। সাংবাদিক একোজনৰ কিমান ত্যাগৰ বিনিময়ত ঘৰতে বহি আমি বিভিন্ন দৃশ্য চাব পাৰো সেয়া আজি বাৰুকৈয়ে অনুমান কৰিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















