অসম লাইভ ২৪ঃ মণিপুৰৰ ভয়াৱহ এম্বুশ্বত ছহিদ হোৱা সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা৷ সুমন স্বৰ্গীয়াৰ পুত্ৰ সন্তানক কোলাত লৈ আৱেগিক হৈ পৰিল মুখ্যমন্ত্ৰীগৰাকী৷ দুবছৰীয়া সন্তানটিক কোলাত লৈ গিলাচেৰে পানী খুৱালে হিমন্ত বিশ্ব শৰ্মাই৷ সুমন স্বৰ্গীয়াৰীক হেৰুৱাই শোকসন্তপ্ত হৈ পৰা পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কেবিনেটত হোৱা সিদ্ধান্ত অনুসৰি সুমন স্বৰ্গীয়াৰীৰ পত্নীক ৫০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ছহিদগৰাকীৰ নামত পথ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই৷ লগতে সুমন স্বৰ্গীয়াৰী পঢ়ি অহা বিদ্যালয়ৰ খেলপথাৰখন ষ্টেডিয়াম হিচাপে গঢ়ি তোলা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ ছহিদগৰাকীৰ পত্নীৰ সংস্থাপনৰ ক্ষেত্ৰতো বিটিআৰৰ মুৰব্বীৰ সৈতে আলোচনা কৰা হ’ব বুলি সংবাদমাধ্যমৰ আগত জনায় হিমন্ত বিশ্ব শৰ্মাই৷ ছহিদ সুমন স্বৰ্গীয়াৰীৰ বাক্সাৰ থৈকাৰাকুছিৰ বাসগৃহলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যায় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী ইউজি ব্ৰহ্ম, বৰমাৰ বিধায়ক ভূপেন বড়ো৷ সকলোৱে ছহিদগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷
Offered Rs 50 lakh as ex gratia to the family.
Also, in honour of his supreme sacrifice, our Govt will construct Thekerakuchi-Kanhibari road to be dedicated in his name.
A stadium will be constructed at Hirimba Bodo High School where the martyred Assam Rifles jawan studied. pic.twitter.com/U4ZQMmT7Cf— Himanta Biswa Sarma (@himantabiswa) November 17, 2021
Click Here For More:
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ