কেৱল আক্ৰমণ কৰিলেই নহ’ব পূৰ্বে পৰমাণু কেন্দ্ৰত আক্ৰমণ চলাওক৷ আৰু তাত আঘাত কৰিব পাৰিলেই ইৰানৰ বিষদাঁত ভাঙি যাব৷ ইজৰাইল-ইৰাণ দুইদেশৰ সংঘাৰত সময়ত ইজৰাইলক এই পৰামৰ্শ দিছে আমেৰিকাৰ প্ৰাক্তন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ উত্তৰ কেৰোলাইনত নিৰ্বাচনী জনসভালৈ শুকুৰবাৰে গৈছিল ট্ৰাম্প৷ তাতেই ইজৰাইল ইৰানৰ সাম্প্ৰতিক সংঘাতৰ প্ৰসংগ টানি আনে ট্ৰাম্পে৷ ইয়াৰ পাছতেই ইজৰাইলক উদ্দেশ্য কৰি কয়, ‘যেতিয়ালৈকে ইজৰাইলে ইৰানৰ পাৰমানৱিক কেন্দ্ৰত আক্ৰমণ নকৰিব তেতিয়ালৈকে ইৰান ঠাণ্ডা নহয়৷ ইৰানক শিক্ষা দিবলৈ পৰমাণু কেন্দ্ৰত আক্ৰমণ চলোৱা উচিত৷’ বিগত বুধবাৰে প্ৰেছিডেণ্ট জো’ বাইডেনক সাংবাদিকে প্ৰশ্ন কৰিছিল, ‘ইৰানৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাক লৈ আপোনাৰ কি মত?’ তেতিয়া বাইডেনে উত্তৰত কয়, ‘ইজৰাইলৰ ওপৰত আক্ৰমণ মই একেবাৰেই সমৰ্থন নাই কৰা নকৰো৷’
উল্লেখ্য যে বিহত দুসপ্তাহতকৈ বেছি সময় ধৰি লেবাননত হিজবুল্লাৰ সৈতে সংঘৰ্ষ চলিছে ইজৰাইলৰ৷ হিজবুল্লাৰ কাষত থিয় দিছে ইৰানে৷ ফলত এখন ত্ৰিমুখী সংঘৰ্ষ আৰম্ভ হৈছে৷ লেবাননৰ ওপৰিও ইৰানৰ ওপৰত আক্ৰমণ চলাইছে ইজৰাইলে৷ ইৰানেও ইয়াৰ ওপৰত ওলোটাকৈ প্ৰতুত্ত্যৰ দিছে ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ