ইতিমধ্যেই দেশজুৰি চাঞ্চল্য বিয়পাইছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ ৰাজা আৰু সোনম ৰঘুবংশীৰ ঘটনাই৷ আৰু তদন্তত প্ৰকাশ পাইছে এটাৰ পাছত আনটো বিস্ফোৰক তথ্য৷ এইবাৰ ৰাজা ৰঘুবংশী হত্যাৰ গোচৰত একাধিক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মেঘালয়ৰ আৰক্ষী সূত্ৰই৷ আৰক্ষীৰ দাবী, অভিযুক্ত ৰাজা ৰঘুবংশীক যিয়ে হত্যা কৰিছে সিঁহতেই অন্য এগৰাকী মহিলাকো হত্যা কৰাৰ ষড়যন্তৰ ৰচিছিল৷
আৰক্ষীৰ এই দাবী সোনমৰ চৰ্চিত প্ৰেমিক ৰাজ কুশৱাহাৰ ষড়যন্ত্ৰৰ জাল বহু গভীৰ আছিল৷ ৰাজে অইন এগৰাকী মহিলাক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল, যাতে সেই মহিলাৰ মৃতদেহক সোনমৰ বুলি ক’ব পাৰে৷ ইয়াৰপাছতেই হয়তো কেইদিনমান লুকাই থকাৰ পাছত আকৌ আৰামদায়ক জীৱন জীয়াই থাকিলেহেতেন সোনমে৷ অৱশ্যে কিছু কাৰণবশত সেই পৰিকল্পনা সফল নহ’ল৷
আৰক্ষীয়ে জনাইছে যে ৰাজা ৰঘুবংশী হত্যাৰ ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী আছিল ৰাজ কুশৱাহা৷ আৰু এই ভয়ংকৰ ষড়যন্ত্ৰত তেওঁ কাষত আছিল ৰাজাৰ পত্নী সোনম ৰঘুবংশী নিজেই৷ বৰ্তমান সোনম, ৰাজ কুশৱাহা আৰু তেওঁলোকৰ তিনি ছুপাৰী কিলাৰ এতিয়া আৰক্ষীৰ জিম্মাত আছে৷ বুধবাৰে অভিযুক্তসকলক ৮দিনৰ আৰক্ষী জিম্মাৰ নিৰ্দেশ দিছে আদালতে৷ এই সময়ত জেৰা চলাই থকা হৈছে আটাইকেইটা হত্যাকাৰীকেই৷
মেঘালয় আৰক্ষীয়ে তথ্যৰ অন্তত জনাইছে, ৰাজ কুশৱাহাৰ প্লেন অন্য আছিল৷ অইন এগৰাকী মহিলাক হত্যা কৰাৰ পাছত সেই দেহ সোনমৰ সজাই পুৰি দিয়া হ’ব যাতে কোনোৱে চিনাক্ত কৰিব নোৱাৰে৷ আৰু সেই মৃতদেহকেই সকলোৰে সন্মুখত সোনমৰ বুলি দেখুওৱা হব৷ তেতিয়া আৰক্ষীৰ তদন্তও অন্যফালে ঘূৰিব৷
কেইদিনমান নিজকে বোৰ্খাৰ আঁৰত ৰাখি পাছলৈ কেছ ঠাণ্ডা হ’লে দুয়োৱে আৰামেৰে জীৱন কটাব৷ কিন্তু অভিযুক্তৰ প্লেন সফল নহল৷ সোধপোছৰ প্রথম দিনাই সোনম, ৰাজ আৰু তিনি অভিযুক্তই জনাইছে যে বোৰ্খা পিন্ধিয়েই মেঘালয়ৰ পৰা পলাইছিল সোনমে৷ ইয়াৰপাছতেই ট্ৰেইন, টেক্সি, বাছ সলাই সলাই মধ্যপ্ৰদেশত উপস্থিত হয়৷
সোনম আৰু ৰাজাৰ আৰু এটা প্লেনো আছিল৷ সেই প্লেনমতে সকলোকে দেখুৱাব খুজিছিল যে পাহাৰীয়া নদীত সোনমৰ দেহ উটি গৈছে৷ কিন্তু সেয়াও সফল নহল৷ ১৯ মেত সোনম আৰু ৰাজা অসম পোৱাৰ পূৰ্বেই সেই স্থানলৈ গৈছিল ৰাজ আৰু তিনি ভাৰাতীয়া হত্যাকাৰী৷ প্ৰথমে গুৱাহাটীতেই ৰাজাক মাৰি পেলোৱাৰ পৰিকল্পনা কৰিছিল আটাইয়ে৷ কিন্তু সফল নহল৷ সোনমৰ কথামতেই ৰাজা মেঘালয়ৰ ছহৰালৈ গৈছিল৷ আৰু তাতেই অসমৰ পৰা ক্ৰয় কৰা গছ কটা অস্ত্ৰৰে ৰাজাক হত্যা কৰা হয়৷
২৩ মেৰ দুপৰীয়া ২ বজাৰ পৰা ২ বাজি ১৮ মিনিটৰ ভিতৰত সোনমৰ সন্মুখতেই হত্যা কৰা হল ৰাজাক আৰু তেওঁৰ দেহ এটা খাদত পেলাই দিয়া হল৷ ইয়াৰপাছতেই আকাশ নামৰ হত্যাকাৰীক সোনমে নিজৰ ৰেইনকোটটো দিয়ে৷ কাৰণ আকাশৰ কাপোৰত তেজৰ দাগ লাগিছিল৷ ৰেইনকোটতো তেজৰ দাগ থকাৰ বাবে আকাশে সেই ৰেইনকোট পেলাই দিয়ে৷ আৰু স্কুটিত উঠি জলপ্ৰপাতৰ কাষৰ পৰা আঁতৰি আহে৷ তাতেই পেলাই থৈ আহে ৰাজা আৰু সোনমে ভাড়া কৰা স্কুটি৷ ইফালে সোনমক বিচাৰি ফুৰাৰ সময়তে আৰক্ষীয়ে বিচাৰি পায় ৰেইনকোট আৰু স্কুটিখন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ