মৃত্যুশয্যাত থকা স্ত্ৰীয়ে স্বামীৰ ওচৰত তেওঁৰ শেষ ইচ্ছাৰ কথা কৈছিল৷ পত্নীৰ শেষ ইচ্ছা পূৰণ কৰিবলৈকে গুজৰাটলৈ আহিছিল ব্ৰিটেইনৰ এগৰাকী প্ৰৱাসী ভাৰতীয়৷ লণ্ডনলৈ আকৌ উভতি যাবলৈ বৃহস্পতিবাৰেই তেওঁৱো এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমানত৷ কিন্তু ঘৰ নাপালেগৈ৷ হতভাগ্য ২৪১ জন যাত্ৰীৰ মাজত তেওঁৰ নামো আছে৷
পত্নী ভাৰতীবেনৰ অস্থি বিসৰ্জন দিবলৈ গুজৰাটৰ আমৰেলি জিলাৰ ভদিয়া গাওঁত নিজৰ পৈতৃক গৃহলৈ আহিছিল ৩৬ বছৰীয়া অৰ্জুন মনুভাই৷ বিগত সপ্তাহত শেষ নিশ্বাস ত্যাগ কৰিছে ভাৰতীবেনে৷ তেওঁৰ শেষ ইচ্ছা আছিল মৃত্যুৰ পাছত তেওঁৰ অস্থি যেন মাতৃভূমিতেই বিসৰ্জন দিয়ে৷
আহমেদাবাদৰ মেঘানিনগৰত ২৪২ জন যাত্ৰী লৈ বৃহস্পতিবাৰে দুপৰীয়া ভাঙি পৰিছে এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমান৷ যিখন বোয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ আছিল৷ বিমানৰ যাত্ৰীসকলৰ মাজত মাত্ৰ এজন যাত্ৰী আশ্চৰ্যজনকভাৱে বাচি গৈছে৷ বাকী সকলোৱেই মৃত্যুক সাবটি লৈছে৷ যাত্ৰীসকলৰ মাজত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ নাগৰিক, ৭জন পৰ্তুগীজ নাগৰিক আৰু এজন কানাডাৰ নাগৰিক আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















