‘হনীমুন ইন শ্বিলং’, সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে
হনীমুন মাৰ্ডাৰ হিচাপে সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা ৰাজা ৰঘুবংশী হত্যা কাণ্ড এতিয়া আহি আছে চিনেমাৰ ৰূপত। সোনম ৰঘুবংশীৰ এই সমস্ত ঘটনাৰ পৰিকল্পনা এতিয়া দেখা পাব চিনেমাত।
উত্তৰ প্ৰদেশৰ পৰা আহি উত্তৰপূৱৰ মনোমোহা স্থান শ্বিলঙত হনীমুনৰ সময়তে পূৰ্ব পৰিকল্পিত অনুসৰি সদ্য বিবাহিত হোৱাৰ পাছতো প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছিল স্বামী ৰাজা ৰঘুবংশীক।
এই ঘটনাৰ সমগ্ৰ দেশকো জোকাৰি গৈছিল। বিবাহ আৰু হনীমুনৰ পৰা বিশ্বাসেই উঠি গৈছিল মানুহৰ। কাৰণ বিবাহৰ সময়ত হাঁহি সকলো নিয়ম নীতি সমাপন কৰা সোনমে বিবাহৰ পাছতে পৰিকল্পনা কৰিছিল শ্বিলং হনীমুনৰ , আৰু সেই হনীমুনতেই প্ৰাণে মাৰি পেলাইছিল স্বামী ৰাজাক।
প্ৰেমিক ৰাজ কুশৱাহৰ সৈতে মিলি বিবাহৰ পূৰ্বেই পৰিকল্পনা কৰিছিল এই হত্যা কাণ্ডৰ। সেই পৰিকল্পনা অনুসৰিয়েই শ্বিলঙৰ জনশূণ্য স্থানলৈ গৈ সংগী ৪ জনকো মাতি হানি খুচি পাহাৰৰ পৰা পেলাই দি প্ৰাণ কাঢ়ে ৰাজা ৰঘুবংশীৰ।
স্বামী হত্যাৰ পাছত নিজেও ইন্দোৰলৈ গৈ আত্মগোপন কৰি থাকে। শেষত অভিনয় কৰি কোনোবাই অপহৰণ কৰি নিয়া বুলি সমুখলৈ আহে। কিন্তু সাৰি যায় ক’ত। মেঘালয় আৰক্ষীয়ে লগে লগে আটক কৰি মাৰাথান জেৰা চলোৱাৰ অন্তত সকলো সৈ কাঢ়ে সোনমৰ লগতে প্ৰেমিক ৰাজ কুশৱাহে। তেতিয়াই ওলাই পৰে সোনমৰ ক্ৰুৰ মানসিকতা।
এই সমস্ত ঘটনাৰ ওপৰতেই মুম্বাই ফিল্ম ডাইৰেক্টৰ এস পি নিম্বাৱতে চিনেমা নিৰ্মাণ কৰিবলৈ গৈ আছে। চিনেমাখনৰ নামো ৰাখিছে ‘হনীমুন ইন শ্বিলং’। চিনেমা খনৰ দৃশ্যগ্ৰহণ ইন্দোৰ আৰু মেঘালয়তে কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















