নতুন বছৰত ভাগ্য খুলিব কেইটামান ৰাশিৰ জাতকৰ৷ তাৰ প্ৰভাৱ পৰিব মানৱজীৱনৰ ওপৰত৷ কাৰণ কৰ্মফলদাতা শনিৰ সৈতে বৃহস্পতি আৰু ৰাহু কেতুৱে একেলগে ৰাশি পৰিবৰ্তন কৰিব৷ ২০২৫ চনত ১২ ৰাশিৰ জীৱনত কিবা নহয় কিবা শুভ প্ৰভাৱ আহিব পাৰে৷ বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি, ২০২৫ চনত বেছ কিছু ৰাশিৰ কেৰিয়াৰত বিৰাট পৰিবৰ্তন আহিব৷ ১২ ৰাশিৰ মাজত কোন ৫ৰাশিৰ কেৰিয়াৰত সকলোতকৈ বেছি উন্নতিৰ সম্ভাৱনা আছে?
মেষ ৰাশি
কেৰিয়াৰৰ ক্ষেত্ৰত মেষ ৰাশিৰ জাতক, জাতিকাসকলৰ নতুন বছৰ ২০২৫ চনত উন্নতিৰ বছৰ হ’ব পাৰে৷ গুৰু বৃহস্পতিয়ে আপোনাক সহায় কৰিব৷ ১৫ মে পৰ্যন্ত বৃষ ৰাশিৰ ওপৰত বৃহস্পতিৰ বিশেষ নজৰ বৰ্তি থাকিব৷ ইয়াৰোপৰি মীন ৰাশিত প্ৰৱেশৰ ফলত এই ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰত শুভ পৰিণাম আহিব৷ আপোনাৰ বিদেশলৈ যোৱাৰ যোগ আছে৷ বেকাৰসকলে কামৰ সুযোগ পাব৷ চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে৷
বৃষ ৰাশি
২০২৫ চনত এই ৰাশিৰ জাতক/জাতিকাৰ কেৰিয়াৰৰ দিশৰ পৰা উন্নতিৰ বছৰ হ’ব৷ গুৰু বৃহস্পতি আৰু ৰাহুৰ সহায় পাব৷ আপুনি নিজৰ মনে বিচৰা ধৰণৰ চাকৰিৰ সুযোগ পাব৷ আপোনাৰ জীৱনত টকা পইছাৰ অভাৱ নহ’ব৷ শনিয়ে এই ৰাশিৰ ওপৰত সদয় হৈ থাকিব৷ ফলত আপোনাৰ জীৱনলৈ সাফল্য আহিব৷ আপুনি আপোনাৰ জীৱনত গুৰুজনৰ সহায় পাব৷ ইয়াৰোপৰি ৰাহুৱে আপোনাৰ জীৱনত পদ লাভত সহায় কৰিব৷
মিথুন ৰাশি
নতুন বছৰ মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাগ্যশালী হ’ব৷ এই ৰাশিত বৃহস্পতিয়ে নৱম আৰু দশম স্থানত থাকিব৷ ফলত এই ৰাশিৰ জাতকৰ জীৱনত বিশেষ কৃপা থাকিব৷ নতুন বছৰত কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ শনিৰ কৃপাত বাধা কাটি যাব৷ ফলত ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে৷ কেৰিয়াৰৰ বাবেও এই সময় অত্যন্ত শুভ বুলি কোৱা হৈছে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ ক্ষেত্ৰত দেৱগুৰু বৃহস্পতি আৰু শনি সদয় থকাৰ বাবে আপোনাৰ নতুন বছৰত উন্নতি হ’ব৷ কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰ আপোনাৰ খুবেই ভাল হ’ব৷ ৰাহুৰ শুভ দৃষ্টি থকাৰ ফলত কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰ আপুনি পূৰ্ণ সাহায্য পাব৷ আপোনাৰ নতুন বছৰত সফলতা আহিবই৷
কুম্ভ ৰাশি
২০২৫ চনত অন্যতম শুভ ৰাশি হ’ব কুম্ভ ৰাশি৷ এই ৰাশিত ২৯ মাৰ্চ পৰ্যন্ত শনি বিৰাজমান হৈ থাকিব৷ ফলত এই সময়ত পঞ্চ মহাপুৰুষ যোগ আৰু শ শ ৰাজযোগ তৈয়াৰ হ’ব৷ ২৯ মাৰ্চৰ পাছত শনিয়ে মীন ৰাশিত প্ৰৱেশৰ মাধ্যমেৰে এই ৰাশিত শনিৰ চাৰে সাতিৰ তৃতীয় পৰ্যায় আৰম্ভ হ’ব৷ এই সময়ত কেৰিয়াৰৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ সুযোগ আহিব পাৰে৷ ইয়াৰোপৰি কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট লাভৰ সুযোগ আছে৷ চাকৰিৰ ক্ষেত্ৰতো পদোন্নতিৰ সুযোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ