পঞ্জিকা অনুসৰি আজি ১০ জুলাই আহাৰ মাহত শুক্লা পূৰ্ণিমা তিথি৷ বৃহস্পতিবাৰ নাৰায়ণৰ দিন৷ ইয়াৰোপৰি বৃহস্পতি দেৱগুৰু৷ আজিৰ পূৰ্ণিমাক বহুতেই গুৰুপূৰ্ণিমা হিচাপেও পালন কৰে৷ অন্যহাতে ইন্দ্ৰযোগৰ সৈতে আজি যুক্ত হৈছে বৈধৃতি যোগ৷ সূৰ্য চন্দ্ৰৰ বিশেষ অৱস্থানৰ কাৰণে এই যোগ তৈয়াৰ হয়৷ সকলো মিলি আজিৰ দিনটো কোন কোন ৰাশিৰ বাবে ভাল?
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দিন৷ কৰ্মক্ষেত্ৰত ডাঙৰ কোনো দায়িত্ব লাভ কৰিব পাৰে যি ভৱিষ্যতে আপোনাক উন্নতিৰ শিখৰলৈ লৈ যাব৷ ব্যৱসায়ত বিনিয়োগৰ বাবে দিনটো শুভ৷ পুৰণি বন্ধুৰ সৈতে দেখা দেখি হোৱাৰ সম্ভাৱনা আছে৷ যিয়ে আপোনাৰ মন ভাল কৰি দিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ বাবে আজি মনৰ ইচ্ছা পূৰণৰ যোগ৷ দীৰ্ঘদিনৰ চেষ্টাৰ ফল লাভৰ সম্ভাৱনা প্ৰৱল৷ প্ৰেমৰ সম্পৰ্কত নতুন দীগন্তৰ সূচনা হব পাৰে৷ যাত্ৰাযোগ শুভ, বিশেষকৈ জলপথেৰে যাত্ৰা শুভ৷
কন্যা ৰাশি
কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধি আৰু ধৈৰ্য দেখি সহকৰ্মীসকল মুগ্ধ হব৷ উচ্চপদস্থ কোনো ব্যক্তিৰ সৈতে পৰিচয়ে উন্নতিৰ সুযোগ পাব পাৰে৷ আইন বা শিক্ষা সংক্ৰান্তিয় কামত অগ্ৰগতি হব পাৰে৷ অসুস্থ ব্যক্তিৰ স্বাস্থ্যৰ উন্নতি হ’ব৷
বৃশ্চিক ৰাশি
আৰ্থিক দিশৰ পৰা লাভজনক সিদ্ধান্ত হ’লে ভাল ফল পাব৷ সৃজনশীল কামত বিশেষ স্বীকৃতি আহিব পাৰে৷ প্ৰেমৰ ক্ষেত্ৰতো দিনটো অনুকূল৷ পৰকীয়াত লিপ্ত নহ’ব ধৰা পৰিব পাৰে৷
মকৰ ৰাশি
আত্মবিশ্বাস আৰু কৌশলৰ সংমিশ্ৰণত আজি যিকোনো জটিল সমস্যাৰ সমাধান কৰিব পাৰে৷ পৰিয়ালৰ অন্য কোনো সদস্যৰ বাবে সু সংবাদ আহিব পাৰে৷ যিসকলে চাকৰিৰ সন্ধান কৰিছে তেওঁলোকৰ বাবেও শুভ সুযোগ আহিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















