• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

4 months ago
বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

7 hours ago
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

8 hours ago
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

9 hours ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

10 hours ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

10 hours ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

11 hours ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

12 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

13 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

13 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

14 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

15 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

এবাৰ দুবাৰ নহয় ৪বাৰকৈ কেতনক হ*ত্যাৰ অপচেষ্টা চলাইছিল ছিয়াই

editor by editor
June 24, 2026
in অপৰাধ, ভাৰত, লেখা
0
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই
0
SHARES
698
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি সমগ্ৰ দেশজুৰি চৰ্চিত হৈ আছে পুনেৰ কেতন আগৰৱালা হ*ত্যাকাণ্ডৰ খবৰ। বিগত ১৮জুনত বাগদত্তা ছিয়া গোৱেলৰ সৈতে ট্ৰেকিং কৰি থকা অৱস্থাত পাহাৰৰ পৰা পিছলি মৃত্যুমুখত পৰিছিল কেতন আগৰৱালা। পৰিয়ালৰ ৰিয়েল ইষ্টেট কোম্পানীৰ ডাইৰেক্টৰ পদত থকা কেতন প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী হিচাপে পুনেত আছিল যথেষ্ট জনপ্ৰিয়। ঘটনাৰ সময়ত কেতনৰ লগত থকা ছিয়াৰ কিছুমাহ পিছতেই বিৱাহ সম্পন্ন হোৱাৰ কথা আছিল। প্ৰথমে কেতনৰ পৰিয়ালে এয়া স্বাভাৱিক দুৰ্ঘটনা বুলিয়েই ভবি লৈছিল যদিও কেতনৰ বন্ধু মহলে মানি ল’ব পৰা নাছিল এই ঘটনাক। কিয়নো বন্ধু মহলৰ মাজত অভিজ্ঞ ট্ৰেকাৰ হিচাপে পৰিচিত কেতন আগৰৱালা। পুনেৰ সাধাৰণ পাহাৰ এখনত ট্ৰেকিং কৰি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰা ঘটনাটোক সহজভাৱে ল’ব পৰা নাছিল তেওঁলোকে।

কোনে হ*ত্যা কৰিছিল কেতন আগৰৱালাক?

প্ৰথমে দুৰ্ঘটনা বুলি ভবা হৈছিল যদিও কেতনৰ বন্ধুমহল আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাৰ তদন্ত। আৰক্ষীৰ প্ৰাথমিক তদন্ততেই ওলাই পৰে ঘটনাৰ সময়ত পুনেৰ লোহাগড় ফ’ৰ্টৰ আশে-পাশে কেতবোৰ সন্দেহজনক গতিবিধি। লগে লগেই ঘটনাৰ সময়ত কেতন আগৰৱালাৰ সৈতে থকা তেওঁৰ বাগদত্তা ছিয়া গোৱেলক আৰক্ষীয়ে তলব কৰি আৰম্ভ কৰে জেৰা। আৰক্ষীয়ে কৰা জেৰাত ছিয়াৰ কেতবোৰ বিসংগতিৰে ভৰা কথাই আৰক্ষীৰ সন্দেহক আৰু অধিক মজবুত কৰে। এসময়ত আৰক্ষীয়ে নিশ্চিত কৰে যে কেতন আগৰৱালাৰ দুৰ্ঘটনাত মৃ*ত্যু হোৱা নাছিল, বাগদত্তা ছিয়া গোৱেলেই পৰিকল্পিতভাৱে হ*ত্যা কৰিছিল কেতনক।

কিয় কেতনক হ*ত্যা কৰিছিল ছিয়াই? হ*ত্যাকাণ্ডত আৰু কোনোবা জড়িত আছিল?

আৰক্ষীৰ তদন্তত ওলাই পৰে কেতন আগৰৱালাক কিয় হ*ত্যা কৰিলে ছিয়াই। প্ৰকৃততে কেতন আগৰৱালাৰ সৈতে পৰিয়ালৰ ইচ্ছানুসাৰেহে বিৱাহত সন্মতি জনাইছিল ছিয়াই। কিন্তু কেতন আগৰৱালাৰ সৈতে বিয়া পাতিবলৈ মুঠেই ইচ্ছা নাছিল ছিয়াৰ। কিয়নো ছিয়াৰ আছিল চেতন চৌধুৰী নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক। ছিয়াই কেতনৰ বিপৰীতে চেতনৰ সৈতেহে কটাব বিচাৰিছিল জীৱন, কিন্তু পৰিয়ালৰ হেঁচাতহে সন্মতি প্ৰদান কৰিছিল বিৱাহত। ছিয়া আৰু চেতনৰ প্ৰেমৰ সম্পৰ্কৰ মাজত কেতন আগৰৱালাক বাধাৰ প্ৰাচীৰ বুলি ভাবি নিজৰ জীৱনৰ পৰা আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লয় দুই প্ৰেমাস্পদে।

আৰক্ষীৰ কেনেকৈ সন্দেহ হৈছিল ছিয়াৰ ওপৰত?

১৮ জুনত সংঘটিত হৈছিল দেশজুৰি চৰ্চা লাভ কৰা এই হ*ত্যাকাণ্ড। পৰিয়ালৰ অভিযোগৰ পিছতে আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা লোহাগড় ফ’ৰ্টৰ আশে-পাশে থকা সকলো cctv ফুটেজ পৰীক্ষা কৰে। cctc ফুটেজত এক অস্বাভাৱিক দৃশ্যত আৰক্ষীৰ সন্দেহ অধিক বৃদ্ধি পায়। আৰক্ষীয়ে সন্দেহ কৰা cctv ফুটেজটোত পুনেৰ উৎকট গৰমতো এজন যুৱকক হুডী পৰিধান কৰি মুখমণ্ডল ঢাকি থকা অৱস্থাত কেইবাবাৰো ঘটনাস্থলীৰ আশে পাশে অহা-যোৱা কৰা দেখিবলৈ পায়। পিছত ছিয়াক সোধা-পোছা কৰোতে হুডী পৰিধান কৰা যুৱকজনেই ছিয়াৰ প্ৰেমিক চেতন চৌধুৰী বুলি স্বীকাৰোক্তি দিয়ে। আৰক্ষীৰ তদন্তত মোবাইল ফোনৰ লোকেশ্যন ধৰা পেলাব নোৱাৰিব বুলি ঘৰতেই মোবাইল ফোনো এৰি থৈ গৈছিল চেতন চৌধুৰীয়ে

পূৰ্বেও ৩ বাৰকৈ হ*ত্যাৰ পৰিকল্পনা কৰিছিল ছিয়া-চেতনে

আৰক্ষীৰ তদন্ত অনুসৰি চলিত বৰ্ষৰ ৩১ মে’ত প্ৰথমবাৰৰ বাবে ছিয়াই কেতন আগৰৱালাত হত্যাৰ অপচেষ্টা চলাইছিল। সেইদিনাও ছিয়াই কেতনক লৈ গৈছিল লোহাগড় ফ’ৰ্টলৈ। অভিযোগ অনুসৰি ছিয়াই সেইদিনাও কেতনক পাহাৰৰ পৰা ঠেলি পেলাবলৈ চেষ্টা কৰিছিল কিন্তু সৌভাগ্যবশতঃ সেইদিনা প্ৰাণৰক্ষা পৰিছিল কেতন আগৰৱালাৰ। পিছত সাপ দেখাৰ বাবেহে কেতনক তেনেকৈ ঠেলিছিল বুলি কৈছিল আৰু কেতনেও ছিয়াৰ সেই কথাক সহজভাৱে লৈ বিশ্বাস কৰিছিল। ৪ জুন আৰু ১৪ জুনতো কেতনক হত্যাৰ পৰিকল্পনা কৰিছিল ছিয়া আৰু চেতনে।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ছিয়া আৰু চেতনক

ঘটনাৰ তদন্তৰ অন্তত ইতিমধ্যে পুনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হ*ত্যাৰ মূল অভিযুক্ত ছিয়া গোৱেল আৰু ছিয়াক হ*ত্যাকাণ্ডত সহযোগ কৰা চেতন চৌধুৰীক। দুয়োৰে বিৰুদ্ধে হ*ত্যা আৰু ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰা হৈছে। ছিয়া আৰু চেতনৰ উপৰিও ঘটনাত আৰু অন্য লোক জড়িত আছে নেকি ইয়াৰো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। দুই অভিযুক্তৰ মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ
অসম

বিলাস INN কাণ্ড সন্দৰ্ভত ঘনকান্তৰ পত্নীৰ বিস্ফোৰণ

October 30, 2026
যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!
অসম

যুৱতীৰে শাৰীৰিক সম্পৰ্ক আপত্তিজনক ভিডিঅ’ ভাইৰেল লম্পট যুৱকৰ!

October 30, 2026
এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা
বাণিজ্য

এজন গ্ৰাহকে Laysৰ ৫টকীয়া চিপছৰ পৰা লাভ কৰিলে ৮০০০ টকা

October 30, 2026
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
Next Post
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ'ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.