• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

4 months ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

1 hour ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

1 hour ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

4 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

5 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

8 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

মাশ্বহাদত সমাধিস্থ কৰা হ'ব খামেনেইক, IRGCক দায়িত্ব

editor by editor
June 24, 2026
in বিশ্ব, ভাৰত, ৰাজনীতি
0
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ
0
SHARES
129
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পাজেছকিয়ানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰাক্তন সৰ্বোচ্চ নেতা আলী খামেনেইৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰাৰ বাবে আনুষ্ঠানিক নিমন্ত্ৰণ জনাইছে। খামেনেই ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ সামৰিক আক্ৰমণত নিহত হৈছিল। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া ৪ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও যুদ্ধজনিত পৰিস্থিতিৰ বাবে সেই অনুষ্ঠান স্থগিত ৰখা হৈছিল। সম্প্ৰতি নতুন সূচী অনুসৰি অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচী ৪ জুলাইৰ পৰা আৰম্ভ হ’ব। তেওঁৰ নশ্বৰদেহ তেহৰানস্থিত গ্ৰেণ্ড মোছাল্লা প্ৰাংগণত জনসাধাৰণৰ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ’ব। ইয়াৰ পিছত ৯ জুলাইত ইমাম ৰেজা শ্ৰীনেত তেওঁক সমাধিস্থ কৰা হ’ব। ইৰান চৰকাৰৰ অনুমান অনুসৰি তেহৰান, কুম আৰু মাশ্বহাদত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন অনুষ্ঠানত প্ৰায় ২ কোটি লোকে অংশগ্ৰহণ কৰিব পাৰে।

IRGCক খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াৰ দায়িত্ব

ইছলামিক পৰম্পৰা অনুসৰি সাধাৰণতে মৃত্যুৰ এক বা দুদিনৰ ভিতৰতে নশ্বৰ দেহ সমাধিস্থ কৰা হয়। সেই দিশৰ পৰা খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়াত হোৱা এই দীৰ্ঘ বিলম্ব অস্বাভাৱিক বুলি গণ্য কৰা হৈছে। কিন্তু ইৰানী কৰ্তৃপক্ষই জনোৱা মতে, সম্ভাৱ্য বিশাল জনসমাগম আৰু যুদ্ধকালীন পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছিল। তেহৰান পৌৰ নিগমৰ সামাজিক আৰু সাংস্কৃতিক বিষয়ৰ উপ-মুখ্য বিষয়া মহম্মদ আলী তাভাক্কোলিজাদেহে কয় যে খামেনেইৰ সন্মানত তিনিদিনীয়া সাৰ্বজনীন জনাজাৰ আয়োজন কৰা হ’ব। যদিও তেওঁ অনুষ্ঠানৰ নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই, তথাপি ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহ মহৰমৰ আৰম্ভণিৰ সময়ছোৱাত এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সমগ্ৰ কাৰ্যসূচীৰ দায়িত্ব Islamic Revolutionary Guard Corpsক অৰ্পণ কৰা হৈছে।

মোদীৰ ইৰান যাত্ৰাক লৈ এতিয়াও অনিশ্চয়তা

ইৰানে শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বিশ্বৰ বহু দেশৰ নেতাক নিমন্ত্ৰণ জনাইছে। বিশেষকৈ চুবুৰীয়া আৰু মিত্ৰ দেশসমূহক এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। বৰ্তমানলৈকে এই কথা স্পষ্ট হোৱা নাই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খামেনেইৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব নে নকৰে। ভাৰত চৰকাৰে এই বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। সেয়েহে ভাৰতৰ হৈ এই অনুষ্ঠানত কোনে অংশগ্ৰহণ কৰিব, সেয়াও এতিয়াও নিশ্চিত হোৱা নাই। উল্লেখ্য যে ২০২৪ চনৰ মে’ত ইৰানৰ তৎকালীন ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃ*ত্যু হোৱাৰ পাছত ভাৰতে উচ্চস্তৰীয় প্ৰতিনিধি দল তেহৰানলৈ প্ৰেৰণ কৰিছিল। সেই সময়ত ভাৰত চৰকাৰে এদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিল। তৎকালীন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দি তেহৰানত উপস্থিত হৈছিল আৰু শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

খামেনেইক মাশ্বহাদত সমাধিস্থ কৰাৰ মুখ্য কাৰণ

খামেনেইৰ মুখ্য শেষকৃত্য অনুষ্ঠান তেহৰানত অনুষ্ঠিত হ’ব, যি কমেও ২৪ ঘণ্টা ধৰি চলিব বুলি আশা কৰা হৈছে। ইয়াৰ পিছত তেওঁৰ নশ্বৰ দেহ ধৰ্মীয় নগৰী কুমলৈ নিয়া হ’ব আৰু তাৰপিছত মাশ্বহাদলৈ স্থানান্তৰ কৰা হ’ব। তাত ইমাম ৰেজাৰ পৱিত্ৰ দৰগাহ চৌহদত তেওঁক সমাধিস্থ কৰা হ’ব। মাশ্বহাদ ইৰানৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ। ই দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত আৰু ছিয়া মুছলমানসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। এই চহৰৰ আটাইতকৈ ডাঙৰ পৰিচয় হৈছে ইমাম ৰেজাৰ দৰগাহ। ইমাম ৰেজা ছিয়া মুছলিম পৰম্পৰাৰ অষ্টম ইমাম আছিল। তেওঁৰ দৰগাহ বিশ্বৰ অন্যতম বৃহৎ ধৰ্মীয় তীৰ্থস্থান, য’ত প্ৰতিবছৰে কোটি কোটি ভক্তই দৰ্শন কৰিবলৈ আহে। খামেনেইক মাশ্বহাদত সমাধিস্থ কৰাৰ ফলত তেওঁৰ নাম ছিয়া ইছলামৰ আটাইতকৈ সন্মানিত ধৰ্মীয় নেতাসকলৰ শাৰীত অধিক দৃঢ়ভাৱে সংযুক্ত হ’ব।

ৰুহোল্লাহ খোমেইনীৰ জনাজাত ১ কোটি লোকৰ সমাগম হৈছিল

১৯৮৯ চনত ইৰানৰ ইছলামিক গণৰাজ্যৰ প্ৰতিষ্ঠাতা ৰুহোল্লাহ খোমেইনীৰ জনাজাত প্ৰায় ১ কোটি লোকে অংশ হৈছিল। সেই সময়ত এই সংখ্যা ইৰানৰ মুঠ জনসংখ্যাৰ প্ৰায় ষষ্ঠাংশৰ সমান আছিল। বিশ্বৰ আটাইতকৈ বৃহৎ জনাজাসমূহৰ ভিতৰত এই অনুষ্ঠানক আজিও অন্যতম বুলি ধৰা হয়। অত্যধিক ভিৰৰ ফলত তেতিয়া পদপিষ্টৰ দৰে ঘটনা সংঘটিত হৈছিল, য’ত কমেও ৮ জন লোকৰ মৃ*ত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক আঘাতপ্ৰাপ্ত হৈছিল। এইবাৰ ইৰানী কৰ্তৃপক্ষই ইয়াতকৈও অধিক জনসমাগমৰ আশা কৰা হৈছে সেয়ে এই ক্ষেত্ৰত কঠোৰ নিৰাপত্তা ব্যৱস্থাও গ্ৰহণ কৰিছে, যাতে কোনো ধৰণৰ দুৰ্ঘটনা নঘটে। অৱশ্যে যুদ্ধোত্তৰ পৰিস্থিতিত এনে বৃহৎ অনুষ্ঠান সফলভাৱে পৰিচালনা কৰাটো এক বৃহৎ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24PM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.