নৱেম্বৰৰ শেষ সপ্তাহতেই হ’ব আইপিএলৰ মহা নিলাম৷ কোন দলে কাৰ দৰ কিমান ৰাখিব তাৰ সাম্ভাব্য তালিকা প্ৰায় প্ৰস্তুত হৈ উঠিছে৷ অৱশ্যে সেই তালিকা শেষ পৰ্যন্ত সাল সলনি হ’বও পাৰে৷ কিন্তু এটা কথা নিশ্চিত যে বিৰাট কোহলী, ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, মহেন্দ্ৰ সিং ধোনীক ধৰি ৰখাৰ চেষ্টা কৰিব দলে৷ কিন্তু যদি আইপিএলৰ নিলামত উঠে তেন্তে কিমান দাম হ’ব পাৰে ক্ৰিকেটাৰকেইজনৰ? প্ৰথম পাঁচ সাম্ভাব্য দামী ক্ৰিকেটাৰক লৈ প্ৰকাশ পোৱা সাম্ভাব্য তালিকা৷
বুমৰাহ এই সময়ত বিশ্বৰ সকলোতকৈ বেগী বলাৰ৷ তেওঁৰ স্থান কোনোৱে ল’ব পৰা নাই৷ নিলামৰ টেবুলত ইতিহাস গঢ়াৰ ক্ষেত্ৰত আগুৱাই আছে বুমৰাহ৷ বৰ্তমান পৰ্যন্ত সৰ্বাধিক ২৪.৭৫ কোটি দাম পাইছে মিছেল ষ্টাৰ্কে৷ সেই নজিৰ ভাঙি আইপিএলত ৩০ কোটি টকা পাইছে তেওঁ৷ বুমৰাহে এইবাৰ সেই স্থান ল’ব পাৰে৷
তালিকাৰ দ্বিতীয় স্থানত থাকিব হাৰ্দিক পাণ্ডিয়া৷ বিগত বৰ্ষৰ আইপিএলত গুজৰাট টাইটান্সৰ পৰা মুম্বাই ইণ্ডিয়ান্সলৈ আহিছে হাৰ্দিক৷ দলে হতাশজনক ফল দেখুৱালেও হাৰ্দিকৰ পাৰ্ফৰমেন্স অৱশ্যে ভাল৷ জাতীয় দলৰ হৈ টি-২০ ফৰমেটত ভাল খেল দেখুৱাইছে হাৰ্দিকে৷ নিয়মিত বল কৰাও আৰম্ভ কৰিছে হাৰ্দিকে৷ তেওঁ এইবাৰ ২৭কোটি দাম পাব পাৰে বুলি সমীক্ষাই দাবী কৰিছে৷
মহেন্দ্ৰ সিং ধোনীও মহা নিলামত উঠিলে তেওঁৰ দৰ হ’ব পাৰে ২০ কোটি টকা৷ চাৰি ক্ৰিকেটাৰৰ তুলনাত তেওঁৰ বয়স বেছি৷ ধোনীৰ বেটিং অভিজ্ঞতা, ক্ষমতাক আজিও আপুনি বাদ দিব নোৱাৰে৷ শেষৰ ফালে কেইবাখনো মেচত তেওঁৰ পাৰদৰ্শিতাই সেই কথাৰ প্ৰমাণ দিয়ে৷ ধোনীক সেয়ে এই মহা নিলামত ৰখা হ’বই বুলি সমীক্ষাই দাবী কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ