যদি সঠিকভাৱে মাহিলী বিনিয়োগ কৰিব পাৰে তেন্তে শেষত আপুনি সেই বিনিয়োগত ভাল ৰিটাৰ্ণ পাবই৷ মাহিলী কিমান টকা বিনিয়োগ কৰিব পাৰিলে ভাল ফল কেনেকৈ পাব সেয়া জনাৰ দৰকাৰ৷ যদি ৫ কোটি টকা তৈয়াৰ কৰিব খোজে তেন্তে মাহিলী কিমান টকা ৰাখিব লাগিব?
যদি মাহত ৫ হাজাৰ টকাকৈ বিনিয়োগ কৰিব পাৰে তেন্তে ৫ কোটি টকা জমা কৰিবলৈ আপোনাৰ সময় লাগিব ৩৯ বছৰ৷ শুনিবলৈ বহু সময় যেন লাগিলেও দীৰ্ঘ সময় ধৰি যদি আপুনি বিনিয়োগ কৰিব পাৰে তেন্তে সহজেই আপুনি কোটিপতি হ’ব পাৰিব৷ এনেকৈ জমা কৰিলে নিশ্চিতভাৱে আপুনি অৱসৰৰ পাছৰ জীৱনটো ভালকৈ কটাব পাৰিব৷ ইয়াত আপুনি মুঠ টকা বিনিয়োগ কৰিব ২৩ লাখ ৪০ হাজাৰ টকা৷ আপোনাৰ কেপিটেল হিচাপে আপুনি পাব ৫ কোটি ৩লাখ ২৮ হাজাৰ ৩৮৫ টকা৷ আপুনি হাতত মুঠ টকা পাব ৫ কোটি ২৬ লাখ ৬৮ হাজাৰ ৩৮৫ টকা৷
যদি মাহত ১০ হাজাৰ টকাকৈ বিনিয়োগ কৰিব পাৰে তেন্তে ৫ কোটি জমা কৰিবলৈ আপোনাৰ সময় লাগিব ৩৩ বছৰ৷ আপুনি মুঠ জমা কৰিব ৩৯লাখ ৬০হাজাৰ টকা৷ আপোনাৰ কেপিটেল হ’ব ৪কোটি ৬৯ লাখ ৯৮১ হাজাৰ৷ আপোনাৰ হাতলৈ আহিব ৫ কোটি ৯লাখ ৩৯ হাজাৰ ৯৮১ টকা৷
যদি মাহিলী ১৫ হাজাৰকৈ টকা বিনিয়োগ কৰে তেন্তে ৩০ বছৰ লাগিব আপোনাৰ ৫কোটি জমা হ’বলৈ৷ তাতেই আপুনি জমাব পাৰিব ৫৮ লাখ টকা৷ আপুনি লাভ কৰিব ৪কোটি ৭৫ লাখ ৪৮ হাজাৰ ৭০৭ টকা৷ আপোনাৰ হাতলৈ আহিব ৫ কোটি ২৯ লাখ ৪৮ হাজাৰ ৭০৭ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ