চুলি ধোৱাটো মূৰৰ ছালৰ স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ। মানুহে প্ৰায়ে ভাবি থাকে যে সপ্তাহত কিমানবাৰ চুলি ধোৱাৰ উপযুক্ত সময়। উত্তৰটো প্ৰতিজন ব্যক্তিৰ চুলিৰ প্ৰকাৰ, জীৱনশৈলী আৰু বতৰৰ ওপৰত নিৰ্ভৰ কৰে।
সপ্তাহত কিমানবাৰ চুলি ধুব লাগে?
স্বাভাৱিক চুলি (Normal Hair): সপ্তাহত ২–৩ বাৰ
তেলীয়া চুলি(Oily Hair): ৩–৪ বাৰ বা প্ৰয়োজন অনুসৰি
শুকান চুলি(Dry Hair): ১–২ বাৰ
কোঁচা চুলি(Dry Hair): ১–২ বাৰ যথেষ্ট
যিসকল লোকৰ বেছি ঘাম ওলায়, ধূলিত কাম কৰে বা জিমলৈ যায় তেওঁলোকে চুলি অলপ বেছিকৈ ধুব লাগিব।
বেছি বা কমকৈ ধোৱাৰ নেতিবাচক দিশ
বেছিকৈ ধোৱাৰ ফলত: মূৰৰ ছালৰ পৰা ইয়াৰ প্ৰাকৃতিক আৰ্দ্ৰতা আঁতৰাই পেলোৱা হয়, যাৰ ফলত চুলি শুকান আৰু ভংগুৰ হ’ব পাৰে।
কমকৈ ধুলে: মূৰৰ ছালত মলি, ঘাম, তেল জমা হয়, যাৰ ফলত উফি আৰু খজুৱতি হ’ব পাৰে।
চুলি ধোৱাৰ সঠিক উপায়:
- চুলিখিনি ভালদৰে তিয়াই লওক।
- কুহুমীয়া পানী ব্যৱহাৰ কৰক; অতি গৰম পানীয়ে চুলি দুৰ্বল কৰি তোলে।
- সঠিক পৰিমাণৰ চেম্পু খাব লাগে।
- প্ৰথমে হাতত পানীৰে চেম্পু পাতল কৰি লওক, তাৰ পিছত মূৰৰ ছালত লগাওক।
- লঘু হাতেৰে মালিচ কৰক, নখৰে নহয়, আঙুলিৰ মূৰেৰে লাহে লাহে মালিচ কৰক।
- কণ্ডিচনাৰ ব্যৱহাৰ কৰক।
- কণ্ডিচনাৰ কেৱল চুলিৰ দৈৰ্ঘ্যতহে লগাব লাগে, মূৰৰ ছালত নহয়।
- টাৱেলেৰে লাহে লাহে শুকুৱাই লওক।
- জোৰত ঘঁহিলে চুলি চিঙিব পাৰে।
সঠিক সামগ্ৰী বাছি লওক:
চুলিৰ ধৰণ অনুসৰি চেম্পু আৰু কণ্ডিচনাৰ বাছি লোৱাটো গুৰুত্বপূৰ্ণ।
কিছুমান অতিৰিক্ত টিপছ:
- সপ্তাহত এবাৰ তেলৰ মালিচ কৰিলে মূৰৰ ছালখন সুস্থ কৰি ৰখাত সহায় কৰে।
- ৰাসায়নিক ভিত্তিক সামগ্ৰী কমকৈ ব্যৱহাৰ কৰক।
- চুলি ধোৱাৰ সময়ত অতি ঠাণ্ডা বা অতি গৰম পানী ব্যৱহাৰ নকৰিব।
- তিতা চুলি বন্ধাটো পৰিহাৰ কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















