আমাজনৰ মালিক তথা উদ্যোগপতি জেফ বেজোছৰ ৰকেটত উঠি মহাকাশ ফুৰি আহিল পপ গায়িকা কেটি পেৰিয়ে৷ তেওঁৰ সৈতে এই যাত্ৰাত সংগ দিছিল ৫গৰাকী মহিলাই৷ বেজোছৰ বাগদত্তা লৰেন ছাঞ্চেজ, চিবিএছৰ উপস্থাপক গেইল কিং, নাছাৰ প্ৰাক্তন ৰকেট বিজ্ঞানী আয়েশা বো, বিজ্ঞানী আমাণ্ডা নগুয়েন আৰু চলচ্চিত্ৰ প্ৰযোজক কেৰিয়ান ফ্লিন৷ মহাকাশযাত্ৰাত বিগত ৬০ বছৰৰো বেছি সময়ৰ ইতিহাসত এয়াই প্ৰথমবাৰ য’ত কেৱল মহিলাই মহাকাশযানেৰে মহাকাশ পৰিভ্ৰমণ কৰিলে৷
গায়িকা আৰু তেওঁ ক্ৰুসকলে পৃথিৱীপৃষ্ঠৰ পৰা ৬০ মাইল অৰ্থাৎ ১০০ কিঃমিঃ বেছি উপৰলৈ গৈছিল৷ বেজোছৰ মহাকাশ সংস্থা ব্লু অৰিজিনৰ এখন ৰকেটত উঠি এই যাত্ৰা কৰিছিল পপ গায়িকা আৰু তেওঁৰ সংগীসকলে৷ এই যাত্ৰাত যাত্ৰীকেইগৰাকীয়ে কাৰমান লাইনৰ বাহিৰলৈ গৈ আকৌ উভতি আহে৷ কাৰমান লাইন হৈছে আন্তৰ্জাতিকভাৱে স্বীকৃত মহাকাশ সীমনা৷
ব্লু অৰিজিনে এই যাত্ৰাৰ লাইভ সম্প্ৰচাৰো কৰিছে৷ কেটিহঁতক কঢ়িয়াই নিয়া ৰকেটখনে পশ্চিম টেক্সাছৰ পৰা পুৱা ৯.৩১ মিনিটত যাত্ৰা আৰম্ভ কৰিছিল৷ মহাকাশত কেটি পেৰিহঁতে প্ৰায় ১১ মিনিট সময় অতিবাহিত কৰে৷ মধ্যাকৰ্ষণ নথকা স্থানত থাকি কেনে লাগে সেই অনুভূতিও তেওঁলোকে লাভ কৰে৷
ব্লু অৰিজিনৰ ৰকেটত যদি অইন কোনোৱেও মহাকাশ ভ্ৰমণ কৰিব খোজে তেন্তে বুকিং কৰাৰ সুবিধা আছে৷ অৱশ্যে ইয়াৰ বাবে আপুনি মোটা অংকৰ ধন খৰচ কৰিব লাগিব৷ সংস্থাৰ ৱেবচাইটত সাম্ভাৱ্য যাত্ৰীৰ নাম, ঠিকনা আৰু জন্ম পত্ৰিকাৰ দৰে মৌলিক তথ্য দি এখন প্ৰপত্ৰ পূৰণ কৰিব লাগিব৷ ইয়াৰোপৰি এক বিভাগ আছে য’ত যাত্ৰীসকলে ৫০০ বা তাতোকৈ কম শব্দত নিজৰ বৰ্ণনা দিব লাগিব৷ বয়স ১৮ বছৰ বা তাতোকৈ বেছি হ’ব লাগিব৷
ব্লু অৰিজিনৰ এই যাত্ৰাৰ সঠিক খৰচ অৱশ্যে এতিয়াও স্পষ্ট নহয়৷ কাৰণ সংস্থাৰ তৰফৰ পৰা এই সন্দৰ্ভত এতিয়াও কোনো তথ্য দিয়া হোৱা নাই৷ নাম নথিভুক্ত কৰা পেজত যাত্ৰীৰ উদ্দেশ্যে লিখা আছে, ‘অৰ্ডাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে ডেৰ লাখ ডলাৰ দিব লাগিব৷ যদি এই যাত্ৰা বাতিল হয় তেন্তে সেই ধন উভতাইয়ো দিয়া হব৷’
দ্যা নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি ২০২১ চনত তেওঁলোকৰ প্ৰথম ক্ৰু ফ্লাইট ব্লু অৰিজিন ২৮ মিলিয়ন ডলাৰলৈকে নিলামত উঠিছিল৷ এছোচিয়েটেড প্ৰেছৰ তথ্য অনুসৰি ব্লু অৰিজিনৰ প্ৰতিযোগী, ভাৰ্জিন গেলেক্টিকে ২০০,০০০ ডলাৰৰ পৰা ৪৫০,০০০ ডলাৰৰ মাজত ৰাইড অফাৰ কৰিছে৷
কিন্তু সকলোকে মহাকাশ ভ্ৰমণৰ বাবে লাখ লাখ ধন নালাগে৷ ষ্টাৰ তাৰকাসকলক ব্লু অৰিজিনে অতিথি হিচাপে কোনো ধন নোলোৱাকৈয়ে মহাকাশ ভ্ৰমণ কৰোৱাই আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















