১৭ এপ্ৰিল বৃহস্পতিবাৰে অৰ্থাৎ আজি চতুৰ্থী তিথিত এক কাকতালীয় ঘটনা ঘটিছে৷ বৃহস্পতিবাৰৰ দেৱতা হৈছে ভগৱান বিষ্ণু৷ আজি বৃহস্পতিয়ে শুক্ৰৰ ৰাশি বৃষ ৰাশিত থকাৰ ফলত শুক্ৰৰ সৈতে ৰাশি পৰিবৰ্তনৰ যোগ তৈয়াৰ হৈছে৷ আজি বৃশ্চিক ৰাশিত থকা চন্দ্ৰই বৃহস্পতিৰ সৈতে সংসপ্তক যোগ তৈয়াৰ কৰিব আৰু অন্যহাতে মঙ্গলৰ সৈতে ৰাশি পৰিবৰ্তনৰ যোগ তৈয়াৰ কৰিব৷ ইয়াৰ সৈতে আজি জ্যেষ্ঠ নক্ষত্ৰৰ প্ৰভাৱো থাকিব আৰু মীন ৰাশিত চাৰিটা গ্ৰহ শুক্ৰ, শনি, বুধ আৰু ৰাহু থাকিব৷ যাৰ পলত ছত্ৰুগ্ৰহী যোগো তৈয়াৰ হব৷ যাৰ কাৰণে আজি ভগৱান বিষ্ণুৰ কৃপাত মিথুন, কন্যা, তুলা, ধনু আৰু মকৰ ৰাশিৰ জাতক জাতিকাই অপ্ৰত্যাশিত সুবিধা পাব৷ ইয়াৰ সৈতে আজি বৃহস্পতিবাৰৰ প্ৰতিকাৰসমূহ জানি থওক৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ ব্যৱসায়ত যদি আপোনাৰ কোনো সমস্যা হৈছে তেন্তে আজিয়েই ইয়াৰ সমাধান বিচাৰি পাব৷ আয়ৰ দিশৰ পৰা আজিৰ দিনটো ভাল৷ লাভজনক লেনদেন হ’ব৷ আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব৷ আপুনি আপোনাৰ ঋণ পৰিশোধ কমিবলৈ সক্ষম হ’ব৷ ব্যৱসায় ভাল চলিব৷ আপোনাৰ কৰ্মজীৱনত উন্নতিৰ সুযোগ আহিব৷ পদোন্নতিৰ সম্ভাৱনাও আছে৷ উচ্চপদস্থ কৰ্মকৰ্তাসকলৰ পৰা প্ৰশংসা পাব৷ সমাজ সেৱাৰ সৈতে জড়িত ব্যক্তিৰ খ্যাতি বৃদ্ধি পাব৷ সন্মান বৃদ্ধিৰ বাবে মন সুখী হ’ব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাই আজি বৃহস্পতিবাৰে তেওঁলোকৰ কৰ্মজীৱনত অসাধাৰণ সুবিধা পাব৷ আপোনাৰ বুদ্ধিমত্তা আৰু বাগ্মীতাৰ সহায়ত আপোনাৰ কৰ্মজীৱনত সাফল্য আহিব৷ ভাল সুযোগ পাব৷ আজি ব্যৱসায়ৰ বাবে অনুকূল দিন৷ অংশীদাৰিত্বৰ কাম কৰা ব্যক্তিয়ে অতিৰিক্ত লাভৰ সুযোগ পাব৷ আজি ব্যৱসায়ৰ বাবে অনুকূল দিন হব৷ যিসকলে মোবাইল আদিৰ ব্যৱসায় কৰে তেওঁলোকৰ বাবে ভাল দিন৷ বিবাহিত জীৱন সুখৰ হব৷
বৃহস্পতিবাৰে ধনু ৰাশিৰ জাতকৰ সুখ বৃদ্ধি পাব৷ ব্যৱসায়ৰ কামত আপুনি ভ্ৰমণ কৰিব পাৰে৷ যাত্ৰা মসৃণ হব৷ লাভৱান হোৱাৰ সম্ভাৱনা আছে৷ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা পাব৷ সমন্বয়ৰ মাধ্যমেৰে কাম কৰিলে আপুনি উপকৃত হ’ব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ যদি বহুদিন ধৰি বাহন কিনাৰ কথা ভাৱিছে তেন্তে আজি আপোনাৰ ইচ্ছা পূৰণ হব পাৰে৷ পৰিয়ালত সুখ শান্তি থাকিব৷ আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা সমৰ্থন পাব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ৷ ব্যৱসায়িক পৰিস্থিতি আপোনাৰ অনুকূল থাকিব৷ যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ধন পাবলগীয়া থাকিও লাভ কৰা নাই তেন্তে উভতাই পোৱাৰ আশা আছে৷ শিক্ষাক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিৰ বাবে আজিৰ দিনটো শুভ৷ পাৰিবাৰিক জীৱন ভালেই থাকিব৷ মানসিকভাৱে আপুনি শক্তিশালী বোধ কৰিব৷ স্বাস্থ্য ভালে থাকিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ৷ আজি আপুনি ব্যৱসায়িক সমস্যাৰ সমাধান পাব৷ আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি পাব৷ ভাল কোনো চুক্তি কৰিব পাৰে৷ আপুনি যদি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে তেন্তে সফলতা লাভ কৰিব৷ ব্যৱসায়ৰ বাবে ঋণ ইত্যাদি বিচাৰিলে পাব পাৰে৷ কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ প্ৰতিদান পাব৷ ভাগ্য আপোনাৰ সৈতেই থাকিব৷ আদালত সংক্ৰান্তিয় বিষয়ত স্বস্তি পোৱাৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ