অসম লাইভ২৪ঃ সামৰণি পৰিল ফিফা বিশ্বকাপ৷ নেইমাৰ, ৰোনাল্ডো, মেছি, এমবাপ্পেকে ধৰি বহু তাৰকাই গিজগিজাই থকা কাটাৰ আজি নিজম পৰিব৷ এমাহজোৰা উছাহ আৰু কাটাৰত আজিৰে পৰা নাথাকিব৷ বিশ্বৰ প্ৰান্তে প্ৰান্তে ফুটবলক লৈ থকা উত্তেজনা আজিৰে পৰা আৰু ৪ বছৰলৈ নাথাকিব৷ অন্যতম তথা বিতৰ্কিত এই বিশ্বকাপত চেম্পিয়ন হ’ল আৰ্জেণ্টিনা৷ ২০১৮ চনৰ চেম্পিয়ন ফ্ৰান্সক হৰুৱাই ৩৬ বছৰৰ অন্তত ট্ৰফী নিজৰ দেশলৈ নিলে আৰ্জেণ্টিনাই৷ ফুটবলৰ ইতিহাসত ১৯৭৮, ১৯৮৬ আৰু ২০২২ তিনিবাৰকৈ বিশ্বচেম্পিয়ন হ’ল আৰ্জেণ্টিনা৷
এই বিশ্বকাপ জয় কৰাৰ পাছতেই সমগ্ৰতে চৰ্চা লাভ কৰিছে আন এটা বিষয়ে৷ বিশ্বকাপ জয়ী দলে কিমান পৰিমানৰ ধন লাভ কৰিব? কেৱল আৰ্জেণ্টিনাই যে ধন লাভ কৰিব এনে নহয়৷ বিশ্বকাপত ভাগ লোৱা সকলো দলেই লাভ কৰিব ধন৷ কোন দলে কিমান ধন লাভ কৰিব সেই কথাৰ ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰিছে ফিফাই৷
বিশ্বকাপ বিজয়ী আৰ্জেণ্টিনাই লাভ কৰিব ৩৮ মিলিয়ন ইউৰো৷ ভাৰতীয় টকাত এই ধনৰ হ’ব ৩১৮ কোটি টকা৷ আনহাতে বিশ্বকাপত ৰানাৰ্ছ আপ দল ফ্ৰান্সে পাব ২৭.২৭ মিলিয়ন ইউৰো৷ ভাৰতীয় মূল্যত এই ধনৰ পৰিমান হ’ব ২২৮ কোটি টকা৷ তৃতীয় আৰু চতুৰ্থ স্থানত থকা দল ক্ৰমে ক্ৰ’ৱেছিয়া আৰু মৰক্কোয়ে পাব ২৪.৪৫ মিলিয়ন ইউৰো আৰু ২২.৬৮ ইউৰো৷ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ক্ৰমে ২০৫ কোটি আৰু ১৯০ কোটি টকা৷ আনহাতে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় লোৱা দল কেইটাই লাভ কৰিব প্ৰায় ১৫.৪০ মিলিয়ন ইউৰো৷ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ১২৯ কোটি টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ