অসম লাইভ২৪ঃ শৈশৱৰ খেলৰ লগৰী৷ তাৰ পাছত কৈশোৰৰ অবুধ প্ৰেমৰ সংগী৷ কৈশোৰতেই আৰম্ভ হৈছিল মেছিৰ ফুটবল যাত্ৰা৷ জীৱনৰ হাজাৰ উত্থান-পতন৷ কিন্তু সেই সময়তো মেছিৰ সংগ কোনো সময়তে এৰা নাই তেওঁ৷ মেছিয়ে কেৰিয়াৰ ৫ খনকৈ বিশ্বকাপ খেলিলে কিন্তু ৪ কন বিশ্বকাপতেই নিৰাশ হৈ দেশলৈ উভতিছিল৷ অৱশেষত যেন শাপমুক্ত হ’ল মেছি৷ জয় কৰিলে ফিফা বিশ্বকাপ ২০২২৷ মেছিৰ এই সাফল্যৰ পাছতেই তেওঁৰ শৈশৱৰ সংগী তথা বৰ্তমানৰ পত্নী এন্টনেলাই শ্বেয়াৰ কৰিছে বিশেষ পষ্ট৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মেছিৰ পত্নীৰ আৱেগভৰা পষ্ট৷
বিশ্বকাপ জয় কৰাৰ পাছতেই মেছিৰ সৈতে পত্নীৰ এখন ফটোৱে সৰ্বত্ৰে চৰ্চা লভিছে৷ দেওবাৰে লুছেইল ষ্টেডিয়ামত তোলা বিশেষ ফটোখনেৰেই মেছিৰ পত্নী এণ্টনেলাই শুভেচ্ছা দিছে আৰ্জেণ্টিনাৰ দলটোক৷ ফটোখনৰ কেপশ্ব্যনত এণ্টনেলাই লিখিছে, ‘আমি চেম্পিয়ন৷ মই ক’ৰ পৰা আৰম্ভ কৰো ভাৱিয়েই পোৱা নাই৷ তোমাক লৈ আমি গৰ্বিত৷ মেছি তোমাক ময়ো ধন্যবাদ দিব খোজো৷ প্ৰত্যাহ্বান নেওচি আগুৱাব পৰা এই দৃঢ় মনটোক ছ্যেলুট৷ তুমি অনুপ্ৰেৰণা, তোমাক দেখি বহুতেই প্ৰেৰণা পায়৷ মই তোমাৰ যন্ত্ৰণা দেখিছো৷ তোমাৰ বুকুত উকমুকাই থকা বিশ্বজয়ৰ সপোনৰ সৈতেও মই পৰিচিত৷ যি সফলতা এই বিশ্বকাপত তোমালোকে অৰ্জন কৰিলা সেয়া তোমাৰ প্ৰাপ্য৷ তোমাক ধন্যবাদ৷ আগুৱাই যাওক আৰ্জেণ্টিনা দল৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ