ছেপ্টেম্বৰত লঞ্চ কৰাৰ পাছৰে পৰাই আইফোন ১৭ প্ৰ মেক্সক লৈ উন্মাদনা আছে প্ৰায়সংখ্যক আইফোন প্ৰেমীৰেই৷ এপলৰ এই আইফোনৰ ২৫৬ জিবি ভাৰ্ছনৰ দাম প্ৰায় ডেৰ লাখ টকা৷ বিপুল দামী এই ফোন ক্ৰয় কৰাৰ বাবে বহুতেই ই এম আইৰ সহায় লয়৷ অৰ্থাৎ ইএমআইত ধন দি এই ফোন ক্ৰয় কৰে প্ৰায়সংখ্যকেই৷ যদি আপুনি আইফোনৰ বাবে ই এম আইত দিয়া ধন এছ আই পিত ইনভেষ্ট কৰে তেন্তে কিমান লাভ হব আপোনাৰ? কি কৈছে বাণিজ্য বিশেষজ্ঞই?
কোনো ব্যক্তিয়ে যদি ডেৰ লাখ টকাৰ আইফোন কিনিবলৈ ৩৬ মাহৰ EMIৰ প্লেনিং কৰিছে তেন্তে তেওঁ প্ৰতিমাহে প্ৰায় ৪ হাজাৰ ২০০ টকাকৈ EMI দিব লাগিব৷ এই টকা EMIৰ পিছত খৰচ নকৰি SIP কৰিলে সময়ৰ হিচাপত বহু বেছি লাভ কৰিব পাৰিব বুলি বিশেষজ্ঞই দাবী কৰিছে৷
ধৰা হল আপুনি তিনি বছৰৰ ই এম আইত ডেৰ লাখ টকাৰ এটা ফোন ক্ৰয় কৰিছে৷ ইয়াত প্ৰতিমাহে আপুনি ৪১০০ টকা EMI দিব লাগিব৷ এছ আই পিৰ মাধ্যমেৰে যদি এই ধন ইনভেষ্ট কৰে তেন্তে আপুনি গড়ে ১২শতাংশ হাৰত ৰিটাৰ্ণ পায়৷ তিনি বছৰৰ পাছত আপোনাৰ হাতত থাকিব ১ লাখ ৭৬ হাজাৰ টকা৷ অৰ্থাৎ আপুনি যি জমা দিছে তাৰ পৰা ২৯ হাজাৰ টকাতকৈ বেছি ৰিটাৰ্ণ পাব৷ অৰ্থাৎ আপুনি যি জমা দিছে তাৰ পৰা ২৯ হাজাৰ টকা বেছি ৰিটাৰ্ণ পাব৷ যিমান দামী ফোন হব EMIৰ অংকও বাঢ়িব আৰু সেই ধন ইনভেষ্ট কৰিলে ৰিটাৰ্ণো বেছি পাব৷ যেনেকৈ ২ লাখ ৩০ হাজাৰ টকাৰ আইফোন ক্ৰয়ৰ সলনি SIP কৰিলে আপুনি ৪৫ হাজাৰৰ বেছি টকা সুদ ৰিটাৰ্ণ পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















