জ্যোতিষ গণনা অনুসৰি পাঁচটা ডাঙৰ ৰাজযোগৰ অন্যতম হৈছে হংস ৰাজযোগ৷ অক্টোবৰ মাহ চলি আছে৷ এই মাহতেই গঠিত হ’ব হংস ৰাজযোগ৷ অক্টোবৰত কৰ্কট ৰাশিত গোচৰ কৰিব বৃহস্পতিয়ে৷ ফলত গঠিত হ’ব হংস ৰাজযোগ৷ অত্যন্ত শক্তিশালী এই ৰাজযোগৰ প্ৰভাৱত চলিত মাহত কোনো কোনো ৰাশিৰ জাতকৰ ভাগ্য উল্লেখযোগ্যভাৱে উন্নতি লক্ষ্য কৰা যাব৷ টেৰো কাৰ্ড গণনা অনুসৰি অক্টোবৰত কোন কোন ৰাশিৰ ভাগ্য খুলিব?
মেষ ৰাশি
টেৰো কাৰ্ডৰ গণনা বিচাৰ কৰি দেখা গৈছে যে অক্টোবৰ মাহ মেষ ৰাশিৰ জাতকৰ বাবে লাভজনক হব৷ বিদেশৰ পৰা এই সময়ত অৰ্থলাভ হব পাৰে আপোনাৰ৷ এই মাহত মেষৰ জাতকৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হব৷ ৰাজনীতিৰ ক্ষেত্ৰত বিৰোধীসকলক দমাই ৰাখিব পাৰিব৷ দুৰাৰোগ্য অসুখৰ পৰা মুক্তি পাব পাৰে৷
কৰ্কট ৰাশি
টেৰো কাৰ্ডৰ বিচাৰত কৈছে যে অক্টোবৰ ২০২৫ত কৰ্কট ৰাশিৰ জাতকৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি পাব৷ নতুন প্ৰকল্পত কাম আৰম্ভ কৰিব পাৰে৷ সম্পত্তি কিনাবেচাৰ ক্ষেত্ৰতো লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ প্ৰেমৰ ক্ষেত্ৰতো ভাল সময় কটাব৷ সংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ কঠিন পৰিশ্ৰম কৰিলে তাৰ ফল লাভ কৰিব৷
সিংহ ৰাশি
অক্টোবৰ মাহত সম্পৰ্কৰ দিশৰ পৰা পজিটিভ ফল আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ আগন্তুক মাহত আপুনি কোনো পুৰণি বন্ধুক দেখা পাব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলে পঢ়াশুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ অক্টোবৰ মাহত উপাৰ্জন বাঢ়িব পাৰে সিংহ ৰাশিৰ জাতকৰ৷
তুলা ৰাশি
টেৰো কাৰ্ড গণনা অনুসৰি অক্টোবৰ মাহত সম্পত্তি সংক্ৰান্তিয় বিষয়ত লাভৱান হ’ব তুলা ৰাশিৰ জাতক৷ নতুন ঘৰ বা নতুন বাহন ক্ৰয়ৰ সপোন পূৰণ হব পাৰে৷ এই সময়ত আপোনাৰ জীৱনলৈ সুখ আৰু শান্তি বিৰাজ কৰিব৷ আৰ্থিক বিষয়ত সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷
বৃশ্চিক ৰাশি
টেৰো কাৰ্ড গণনাই কৈছে যে অক্টোবৰত ৰৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ নতুন চাকৰি পোৱাৰ যোগ আছে৷ সংসাৰত শান্তি থাকিব৷ নতুন চাকৰি পাব পাৰে৷ এই মাহত পেছাগত জীৱনত উন্নতিৰ পথত আগুৱাই যাব বৃশ্চিক ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















