হিন্দুধৰ্মত ধনতেৰাছৰ বিশেষ তাৎপৰ্য আছে৷ এই দিনটো অত্যন্ত শুভ৷ অৰ্থ, ধন সম্পদৰ দেৱতা কুবেৰক আৰাধনা কৰা হয় এই দিনটোত৷ কেলেণ্ডাৰ অনুসৰি প্ৰতিবছৰে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশ তিথিত পালিত হয় ধনতেৰাছ৷ এই বছৰ ধনতেৰাছৰ তাৰিখক লৈ বহুতে বিভ্ৰান্তিত ভূগিছে৷ কাৰণ ত্ৰয়োদশ তিথি দুটা দিনত পৰিছে৷ এই দিনটোত কুবেৰৰ সৈতে লক্ষ্মীৰ পূজা কৰা হয়৷ ইয়াৰোপৰি সোণ, ৰূপ, গণেশ আৰু লক্ষ্মীৰ মূৰ্তি, বাচন বৰ্তন, ঝাড়ু, যানবাহন আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰা শুভ বুলি ধাৰণা কৰা হয়৷
ধনতেৰাছৰ পৰাই দীপাৱলিৰ আৰম্ভণি হয়৷ ধনতেৰাছৰ পাছত নৰক চতুৰ্দশী, দীপাৱলি, গোবৰ্ধন পূজা আৰু ভাইফোটা পালিত হয়৷ ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত দেৱতাসকলে চিকিৎসকৰূপী ভগৱান ধন্বন্তৰীয়ে জন্মগ্ৰহণ কৰিছিল৷ সেয়ে ইয়াক ধন্বন্তৰী জয়ন্তীও বোলা হয়৷
ধনতেৰাছ কেতিয়া?
এই বছৰ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি ১৮ অক্টোবৰ, শনিবাৰে দুপৰীয়া ১২ বাজি ১৮ মিনিটত আৰম্ভ হ’ব৷ ১৯ অক্টোবৰ দেওবাৰে দুপৰীয়া ১ বাজি ৫১ মিনিট পৰ্যন্ত চলিব৷ প্ৰদোষ কালৰ কাৰণে ১৮ অক্টোবৰ শনিবাৰে ধনতেৰাছ পালিত হ’ব৷
ধনতেৰাছৰ শুভ যোগ কেতিয়া?
এই বছৰ ধনতেৰাছত কেইবাটাও শুভ যোগ তৈয়াৰ হ’ব৷ এই দিনটোত ব্ৰহ্ম যোগ, উত্তৰা ফাল্গুনী, পূৰ্বা ফাল্গুনী নক্ষত্ৰ, বুধাদিত্য আৰু কালকেশ যোগ তৈয়াৰ হ’ব৷ ব্ৰহ্ম যোগ ১৮ অক্টোবৰৰ পুৱাৰ পৰা ১ বাজি ৪৮ মিনিট পৰ্যন্ত স্থায়ী হব৷ ইয়াৰোপৰি পূৰ্বফাল্গুনী নক্ষত্ৰ পুৱাৰে পৰা আৰম্ভ হৈ বিয়লি ৩ বাজি ৪১ মিনিট পৰ্যন্ত চলিব আৰু তাৰপাছতেই উত্তৰফাল্গুনী নক্ষত্ৰ আৰম্ভ হব৷
ধনতেৰাছ পূজাৰ শুভ সময়
পূজাৰ শুভ সময়
১৮ অক্টোবৰৰ সন্ধিয়া ৭ বাজি ১৬ মিনিটৰ পৰা নিশা ৮ বাজি ২০ মিনিট পৰ্যন্ত৷
ব্ৰহ্ম মুহূৰ্ত
পুৱা ৪ বাজি ৪৩ মিনিটৰ পৰা ৫ বাজি ৩৩ মিনিট পৰ্যন্ত থাকিব৷
অভিজিৎ মুহূৰ্ত
পুৱা ১১ বাজি ৪৩ মিনিটৰ পৰা দুপৰীয়া ১২ বাজি ২৯ মিনিট পৰ্যন্ত৷
প্ৰদোষ কাল
বিয়লি ৫ বাজি ৪৮ মিনিটৰ পৰা নিশা ৮ বাজি ২০ মিনিট পৰ্যন্ত৷
বৃষভ কাল
সন্ধিয়া ৭ বাজি ১৬ মিনিটৰ পৰা নিশা ৯ বাজি ১১ মিনিট পৰ্যন্ত৷
ধনতেৰাছত সোণ আৰু ৰূপ ক্ৰয়ৰ শুভ সময়
ধনত্ৰয়োদশীত সোণ কিনাৰ শুভ সময়
১৮ অক্টোবৰ দুপৰীয়া ১২ বাজি ১৮ মিনিটৰ পৰা ১৯ অক্টোবৰলৈ ৷
১৯ অক্টোবৰৰ ৬.২৪ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৫১ মিনিট পৰ্যন্ত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















