চেম্পিয়নছ ট্ৰফী জয় কৰিলে ভাৰতে। ভাৰতীয় দলৰ এই বিজয়ত সুখী প্ৰত্যেকজন ভাৰতীয় লোকেই। কি ধৰ্ম, কি জাতি ক্ৰিকেট ভাৰতীয়ৰ বুকুৰ স্পন্দনৰ অন্য নাম। ২২ গজত ৰোহিতবাহিনী নামিলেই বুকু দুৰু দুৰু কঁপিবলৈ আৰম্ভ কৰে একো একোজন ভাৰতীয়ৰ। পৰাজয় শব্দটোক মানি লবলৈ খুবেই কষ্ট হয় ভাৰতীয়ৰ। কাৰণ ৰোহিতবাহিনীয়ে ভাৰতবাসীক কাহানিও নিৰাশ কৰা নাই। সেয়ে প্ৰত্যাশা স্বাভাৱিকভাৱেই এই দলটোৰ পৰা বেছি। এইবাৰো বিজয়ৰ ধ্বজ্জা ভাৰতেই উৰুৱালে। দেওবাৰে ডুবাইত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফিৰ ফাইনেল মেচত নিউজিলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰাইছে ভাৰতে। ট্ৰফী তুলি লৈছে ৰোহিতবাহিনীয়ে। এই ট্ৰফীৰ সৈতে ভাৰতীয় ক্ৰিকেট বৰ্ড অৰ্থাৎ চমু নাম BCCIৰ একাউণ্টতো সোমাইছে মোটা অংকৰ ধন। নিউজিলেণ্ডেও অৱশ্যে ভাল টকাই পাব।
এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ বাবে ICCৰ মুঠ ৫০ লাখ ডলাৰ বা ৬০ কোটি টকা পুৰস্কাৰমূল্য নিৰ্ধাৰিত হৈছে। প্ৰতিটো দলেই লাভ কৰিব ধন। খালী হাতত কোনো দলেই উভতিব নালাগে। প্ৰতিখন দেশকেই ১ কোটি টকাকৈ দিয়া হৈছে। ইয়াৰোপৰি গ্ৰুপ পৰ্বৰ এখন এখন মেচ জিকাৰ বাবে ২৯.৫ লাখ টকাকৈ দিয়া হৈছে।
দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াও ছেমিফাইনেলত উঠিছিল। তেওঁলোকে ছেমিফাইনেললৈকে খেলাৰ বাবে লাভ কৰিব ৪.৮৭ কোটি টকা। দক্ষিণ আফ্ৰিকা গ্ৰুপ পৰ্বত দুখন মেচ জিকাৰ বাবে ৫৯ লাখ আৰু অষ্ট্ৰেলিয়াই পাব ২৯.৫ লাখ টকা। বাংলাদেশ আৰু আফগানিস্তানে নিজৰ গ্ৰুপ তৃতীয় স্থানত শেষ কৰিছে। এই দুই দেশে লাভ কৰিব ৩.০৪ কোটি টকা। পাকিস্তান আৰু ইংলেণ্ডে নিজৰ গ্ৰুপত সকলোতকৈ তলত আছে। দুই দেশে লাভ কৰিব ১.২১ কোটি টকা।
ভাৰতে গ্ৰুপ পৰ্বৰ তিনিখন মেচ জিকিছিল। সেই ফাইনেলত নমাৰ পূৰ্বে তেওঁলোকৰ পকেটলৈ আহিছিল ৮৮.৫ লাখ টকা। ফাইনেলত জিকাৰ পাছতেই ভাৰতৰ মুঠ পুৰস্কাৰমূল্য ২০.৩৮ কোটি টকা। অন্য়হাতে নিউজিলেণ্ডে ৰানাৰ্ছ হোৱাৰ পাছত লাভ কৰিছে ৯.৭৮ কোটি টকা। ইয়াৰোপৰি গ্ৰুপ পৰ্বত দুখন মেচ জিকি আৰু ৫৯ লাখ টকা সোমাইছে তেওঁলোকৰ একাউণ্টত। অৰ্থাৎ সকলো মিলি নিউজিলেণ্ডৰ হাতলৈ আহিছে ১০.৩৩ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ