২০২৫ চনত যিসমূহ গ্ৰহই ৰাশি সলনি কৰিছে সেইসমূহৰ ভিতৰত আছে শুক্ৰ, শনি ৰাহু আৰু কেতু। জ্যোতিষশাস্ত্ৰ অনুসৰি, শুক্ৰ হৈছে তুলা আৰু বৃষ ৰাশিৰ অধিপতি গ্ৰহ। মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহত মীন ৰাশিৰ গোচৰ কৰিব শুক্ৰই। যাৰ ফলত আজি ১০ মাৰ্চৰ পৰা মীন ৰাশিত থাকিব মালব্য় ৰাজযোগ। জ্যোতিষশাস্ত্ৰ অনুসৰি পঞ্চ মহাপুৰুষ যোগৰ এটা হৈছে মালব্য ৰাজযোগ। এই শুভ যোগৰ প্ৰভাৱত ৪ ৰাশিৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব। ভাগ্যৰ চকা ঘূৰিব কোন কোন ৰাশিৰ জাতকৰ?
কৰ্কট ৰাশি
মালব্য ৰাজযোগ কৰ্কট ৰাশিৰ বাবে লাভজনক হব পাৰে। সৃজনশীল কামৰ সৈতে যুক্ত ব্যক্তিয়ে হঠাৎ অৰ্থলাভ কৰিব পাৰে। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব। ব্যৱসায়ত লাভৰ মুখ দেখিব। ব্যৱসায়ীয়ে ডাঙৰ বিনিয়োগ কৰিব পাৰে। চাকৰিত উন্নতিৰ সুযোগ আহিব। নতুন চাকৰিৰ সুযোগো আহিব। বহুদিন ধৰি পৰিয়ালৰ সৈতে কোনো সমস্যা চলি থাকিলে সেই সমস্যা দূৰ হব।
কন্যা ৰাশি
মালব্য ৰাজযোগৰ শুভ প্ৰবা কন্যা ৰাশিৰ জাতকৰ ওপৰত পৰিব। কেৰিয়াৰত উন্নতিৰ যোগ আছে। কৰ্মসূত্ৰে বিদেশলৈ যাব পাৰে। যিকোনো কামত পৰিয়ালৰ পূৰ্ণ সমৰ্থন পাব। সন্তানৰ পৰা সুখবৰ পাব পাৰে।
ধনু ৰাশি
মালব্য ৰাজযোগৰ প্ৰভাৱত ধনু ৰাশিৰ অৰ্থভাগ্য খুলিব। ঋণ শোধ কৰিব পাৰে। বহুদিন ধৰি ৰৈ থকা টকা এই সময়ত উভতাই পাব। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব। পদোন্নতি, দৰমহা বঢ়াৰ সম্ভাৱনা আছে। ব্যৱসায়ীয়ে ডাঙৰ চুক্তি কৰিব পাৰে। পৰিয়ালত শান্তি থাকিব। ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰি পাৰে।
মীন ৰাশি
শুক্ৰৰ গোচৰৰ ফলত সুদিন আহিব মীন ৰাশিৰ জীৱনত। আগন্তুক বছৰত মালব্য ৰাজযোগৰ প্ৰভাৱত এই ৰাশিৰ অৰ্থলাভ হব। আয়ৰ নতুন পথ খুলিব পাৰে। আৰ্থিক পৰিস্থিতি উন্নত হব। কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব। অফিচত সহকৰ্মীৰ সহযোগিতা লাভ কৰিব। দাম্পত্যত সুখ থাকিব। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ