অসম লাইভ২৪ঃ বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে পাকিস্তানে৷ লীগ পৰ্বত চাৰিখন মেচ জিকিছিল বাবৰ আজমৰ দলে৷ হতাশজনক পাৰ্ফৰমেন্সৰ পাছত পুৰস্কাৰ মূল্য হিচাপে পাকিস্তানে পাইছে ২ কোটি ১৮ লাখ টকাতকৈয়ো অধিক ধন৷ বিশ্বকাপত চেম্পিয়ন হ’লে কিমান টকা পাব ৰোহিত শৰ্মাৰ দলে? বিশ্বকাপৰ একোখন লীগ মেচ জিকা দলক ইণ্টাৰনেশ্ব্যনেল ক্ৰিকেট কাউন্সিলে দিছে ৪০ হাজাৰ ডলাৰকৈ আৰ্থিক পুৰস্কাৰ৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ৩৩ লাখ ৩৪ হাজাৰ টকা৷ ভাৰতে লীগ খেলত ৯ খন মেচেই জিকাৰ পথত৷ সেয়ে ৰোহিতৰ অধিনায়কত্বত দলটোৱে ৩ লাখ ৬০ হাজাৰ ডলাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ অৰ্থাৎ প্ৰায় ৩ কোটি টকা জয় কৰিছে টীম ব্লুৱে৷
বিশ্বকাপৰ প্ৰথম ছেমিফাইনেলত নিউজিলেণ্ডৰ মুখামুখি হৈছে ভাৰত৷ এই মেচত ৰোহিতবাহিনীয়ে হাৰিলেও লাভ কৰিব ৮ লাখ ডলাৰ৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৬ কোটি ৬৬ লাখ টকাৰো বেছি৷ ছেমিফাইনেলৰ পৰা বিদায় ললেও টীম ব্লুৱে আইচিচিৰ পৰা লাভ কৰিব ১০ কোটি টকা৷ কেন উইলিয়ামছনৰ দলক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিলে আৰ্থিক পুৰস্কাৰ আৰু বৃদ্ধি হ’ব৷ ৰানাৰ্ছ আপ হ’লে ভাৰতে লাভ কৰিব ২০লাখ ডলাৰ৷ ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমান প্ৰায় ১৬ কোটি ৬৬লাখ৷ অৰ্থাৎ ভাৰতীয় দল ৰানাৰ্ছ আপ হ’লে পুৰস্কাৰ মূল্য হিচাপে প্ৰায় ১৯ কোটি ৬৬লাখ টকা লাভ কৰিব৷ বিশ্বকাপজয়ী দলক আইচিচি পুৰস্কাৰ হিচাপে দিব ৪০লাখ ডলাৰ বা ৩৩ কোটি ৩২ লাখ টকা৷ ভাৰতীয় দল চেম্পিয়ন হ’লে ভাৰতীয় দলে পুৰস্কাৰ হিচাপে ৩৬ কোটি ৩২ লাখ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ