৮দিনৰ যাত্ৰাৰে মহাকাশলৈ গৈছিল নাছাৰ দুই নভোশ্চৰ সুনীতা আৰু উইলমোৰ৷ কিন্তু এই ৮ দিনৰ যাত্ৰা দীৰ্ঘতৰ হৈ হৈছেগৈ ৯মাহ৷ ইমান দিন ধৰি আন্তৰ্জাতিক মহাকাশ ষ্টেচনতেই আছে সুনীতা আৰু উইলমোৰ৷ কিন্তু সেই অপেক্ষাৰ অৱসান হৈছে৷ তেওঁলোকক উভতাই আনিবলৈ দেওবাৰে মহাকাশত উপস্থিত হৈছে এলন মাস্কৰ সংস্থাৰ স্পেছ এক্সৰ মহাকাশযান ক্ৰিউ-১০৷ সকলো ঠিকে থাকিলে আগন্তুক ১৯ মাৰ্চত পৃথিৱীত ভৰি দিব সুনীতাই৷ ইমান মাহ ধৰি দুই নভোশ্চৰ মহাকাশত থকাৰ বাবে কিমান টকা পাব সুনীতা আৰু উইলমোৰে? সেই বিষয়টোক লৈয়ো উঠিছে আলোচনা৷
মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ অৱসৰপ্ৰাপ্ত মহাকাশচাৰী কোডি কোলমেনে জনাইছে যে নভোশ্চৰসকলৰ বাবে পৃথককৈ কোনো বিশেষ অভাৰটাইম দৰমহা নাই৷ যিহেতু তেওঁলোক ফেডাৰেল কৰ্মচাৰী, তেওঁলোকে মহাকাশত থকা বা পৃথিৱীত থকা সকলোতেই একে বেতনেই পাব৷ কাৰণ তেওঁলোকৰ কামৰ কোনো ভাগ কৰা নহয়৷ ফলত সুনীতাহঁতে পূৰ্বে যিমান দৰমহা পাইছিল সিমান দৰমহাই এই ৯মাহৰ বাবেও ধৰা হব৷ অৱশ্যে ইমানদিন ধৰি আন্তৰ্জাতিক মহাকাশ ষ্টেচনত তেওঁলোকৰ খোৱা আৰু জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় অন্য সমস্ত ব্যৱহাৰ্য সামগ্ৰীৰ খৰচ বহন কৰি আহিছে নাছাই৷
মাৰ্কিন সংবাদমাধ্যমক কোডিয়ে জনাইছে যে এই ধৰণৰ আকস্মিক দুৰ্ঘটনাৰ বাবে অভিযান দীৰ্ঘায়িত হলে নভোশ্চৰসকলৰ বেতনৰ ওপৰিও এতিয়া দৈনিক ভাট্টা দিয়া হয় যাৰ পৰিমাণ খুবেই নগণ্য, দিনেপ্ৰতি মাত্ৰ চাৰি ডলাৰ ভাৰতীয় মুদ্ৰাত ৩৪৭ টকা৷ উদাহৰণ হিচাপে কোডিয়ে জনাইছে যে ২০১০-২০১১ চনত ১৫৯ দিনৰ এক অভিযানত যাওঁতে তেওং দৰমহাৰ ওপৰিও লাভ কৰিছিল ৬৩৬ ডলাৰ৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৫ হাজাৰৰো বেছি টকা অতিৰিক্ত ভাট্টা পাইছিল৷ সেই হিচাপত চাবলৈ গলে ২৮৭ দিনৰো বেছি সময় মহাকাশত কটোৱাৰ বাবে অতিৰিক্ত মাত্ৰ ১১৪৮ ডলাৰ অৰ্থাৎ প্ৰায় ১ লাখমান টকা পাব সুনীতাই৷
কিন্তু ইয়াতেই প্ৰশ্ন হয় সাধাৰণতে কিমান দৰমহা পায় মাৰ্কিন মহাকাশচাৰীয়ে? সুনীতা আৰু বুচ উইলমোৰৰ দৰমহাৰ স্তৰ হৈছে জি এছ-১৫৷ জি এছ ছিষ্টেমৰ নিৰিখত ফেডাৰেল কৰ্মীসকলৰ দৰমহাই সৰ্বোচ্চ৷ এই স্তৰৰ কৰ্মীসকলৰ বাৰ্ষিক দৰমহা সৰ্বোচ্চ ১৬২,৬৭২ ডলাৰ পৰ্যন্ত হব পাৰে৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ১ কোটি ৪০ লাখ টকা হব পাৰে৷ ফলত প্ৰায় ১০ মাহ মহাকাশত থকাৰ বাবে সুনীতাই পাব পাৰে ১২২,০০৪ ডলাৰ, অৰ্থাৎ প্ৰায় ১ কোটি টকা৷
উল্লেখ্য যে দেওবাৰে আন্তৰ্জাতিক মহাকাশ ষ্টেচনত উপস্থিত হৈছে ক্ৰিউ-১০ৰ চাৰি মহাকাশচাৰী৷ সুনীতা আৰু বুচৰ সৈতে তেওঁলোকৰ দেখা হৈছে৷ ইমান দিন পাছত সহকৰ্মীসকলক পাই উচ্ছ্বাসিত সুনীতা৷ তেওঁলোকৰ উচ্ছ্বাসৰ সেই মুহূৰ্ত ধৰা পৰিছে কেমেৰাত৷ মাৰ্কিন টিভি চেনেলত সেই দৃশ্য সম্প্ৰচাৰিতও হৈছে৷ আগন্তুক বুধবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ডেৰ বজাত সুনীতাসহ চাৰি জনক লৈ আকৌ পৃথিৱীৰ উদ্দেশ্যে ৰাওনা হব স্পেছ এক্সৰ মহাকাশযান৷ সুনীতাসকলৰ সৈতে উভতিব নাছাৰ নিক হগ আৰু ৰুছ নভোশ্চৰ আলেকজেণ্ডাৰ গবৰ্নভ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ