• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

4 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

59 minutes ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

2 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

3 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

3 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

4 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

4 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

6 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

7 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

7 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

7 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

8 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

২১ বছৰ বয়সত কলেজ এৰি ২৫ বছৰ বয়সত হ’ল আৰবপতি

editor by editor
June 18, 2026
in প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য
0
SHARES
823
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ এনে বহু উদ্যোগপতি বা পুঁজিপতি আছে যাৰ এটা সিদ্ধান্তই ভাগ্য সলনি কৰি দিয়ে আৰু পৰৱৰ্তী সময়ত জীৱনো সলনি হৈ পৰে। মাত্ৰ চাৰি বছৰ আগলৈকে MITৰ হোষ্টেলত বহি কোডিং শিকি থকা এজন যুৱক আজি বিশ্বৰ সৰ্বকনিষ্ঠ আৰবপতিসকলৰ তালিকাত স্থান লাভ কৰিছে। সেই যুৱকজন হৈছে ২৫ বছৰীয়া অমন সাংগাৰ। তেওঁৰ AI ভিত্তিক কোডিং কোম্পানী Cursorৰ মূল প্ৰতিষ্ঠান Anysphereক মহাকাশ প্ৰযুক্তি কোম্পানী SpaceX-এ ৬০ বিলিয়ন ডলাৰ, অৰ্থাৎ প্ৰায় ৫ লাখ কোটি টকাত ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে। এই বিশাল চুক্তিৰ পিছত অমন সাংগাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫.৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

অমন সাংগাৰে ৪ বছৰতে লাভ কৰা সফলতাৰ কাহিনী

অমন সাংগাৰৰ জন্ম হৈছিল আমেৰিকাৰ নিউয়ৰ্কত। তেওঁ ভাৰতীয় মূলৰ এটা পৰিয়ালৰ সন্তান। তেওঁৰ পিতৃ অৰবিন্দ সাংগাৰ IIT বম্বেৰ প্ৰাক্তন ছাত্ৰ আছিল। মাতৃ শিল্পা সাংগাৰ এগৰাকী অৰ্থোডণ্টিষ্ট তথা উদ্যোগপতি। অমনে মাত্ৰ ১৪ বছৰ বয়সতেই কোডিং শিকিবলৈ আৰম্ভ কৰিছিল। পিছত MITত কম্পিউটাৰ বিজ্ঞানৰ অধ্যয়ন কৰি থাকোঁতেই তেওঁ তিনিজন বন্ধু—মাইকেল ট্ৰুৱেল, ছালেহ আছিফ আৰু আৰভিড লুনমাৰ্কৰ সৈতে মিলি ২০২২ চনত Cursor নামৰ ষ্টাৰ্টআপটো প্ৰতিষ্ঠা কৰে। ব্যৱসায়ত সম্পূৰ্ণ মনোনিবেশ কৰাৰ উদ্দেশ্যেৰে চাৰিওজনে ২১ বছৰ বয়সতে কলেজ ত্যাগ কৰে।

MITৰ হোষ্টেলৰ পৰা আৰম্ভ হৈছিল ৬০ বিলিয়ন ডলাৰৰ সফলতাৰ কাহিনী

আৰম্ভণিতে তেওঁলোকৰ লক্ষ্য আছিল Mechanical Engineering খণ্ডৰ বাবে AI Copilot তৈয়াৰ কৰা। কিন্তু পিছত AI ভিত্তিক কোডিং প্লেটফৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই সিদ্ধান্তই তেওঁলোকৰ জীৱনৰ টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হয়। বৰ্তমান Anysphere-ত অমন সাংগাৰে Chief Operating Officer হিচাপে দায়িত্ব পালন কৰি আছে, আনহাতে মাইকেল ট্ৰুৱেল কোম্পানীটোৰ Chief Executive Officer হিচাপে দায়িত্ব পালন কৰি আছে।

Cursor কি আৰু কিয় বিশ্বজুৰি ইমান জনপ্ৰিয়?

Cursor হৈছে এটা AI-চালিত কোডিং প্লেটফৰ্ম, যিয়ে ডেভেলপাৰসকলক কোড লিখা, সম্পাদনা কৰা আৰু জটিল ছফ্টৱেৰ সমস্যাবোৰ বুজি সমাধান কৰাত সহায় কৰে। ই কেৱল এটা Auto-Complete সঁজুলি নহয়; বৰং সমগ্ৰ কোডবেছ বুজি ডেভেলপাৰসকলৰ AI সহযোগী হিচাপে কাম কৰা এটা মাধ্যম। Cursor-ৰ দ্ৰুত বিকাশৰ অনুমান পাব পাৰি কোম্পানীটোৰ ৰাজহৰ পৰিসংখ্যাৰ পৰা। ২০২৫ চনৰ নৱেম্বৰ মাহত কোম্পানীটোৱে ১ বিলিয়ন ডলাৰৰ বাৰ্ষিক ৰাজহ অতিক্ৰম কৰিছিল। আনহাতে ২০২৬ চনৰ আৰম্ভণিলৈকে এই ৰাজহ বৃদ্ধি পাই ৪ বিলিয়ন ডলাৰ হৈছেগৈ। AI প্ৰযুক্তিৰ ক্ষেত্ৰত Cursorৰ এই অভূতপূৰ্ব সফলতাই অমন সাংগাৰক বিশ্বৰ সৰ্বাধিক সফল যুৱ উদ্যোগপতিসকলৰ শাৰীত স্থান দিয়াত সহায় কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: #SpaceXasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.