• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

4 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

4 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

6 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

6 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

6 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

7 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

7 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

9 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

10 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

10 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

10 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

11 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

লছ এঞ্জেলছ ষ্টেডিয়ামৰ বাহিৰ আৰু ভিতৰৰ পৰিৱেশৰ ভিন্নতা

editor by editor
June 16, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ৰাজনীতি, লেখা
0
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত নিউজীলেণ্ডৰ বিৰুদ্ধে ২-২ৰ ব্যৱধানত ড্ৰ’ খেলি ফুটবল বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে যুদ্ধ বিধ্বস্ত দেশ ইৰানে। ইৰানৰ হৈ মেচখনৰ ৩২ মিনিটত ৰমিন ৰেজায়েইয়ানে প্ৰথমটো গ’ল কৰাৰ বিপৰীতে মহম্মদ মোহেবিয়ে ৬৪ মিনিটত দ্বিতীয়টো গ’ল স্ক’ৰ কৰে। আনহাতে নিউজীলেণ্ডৰ হৈ ইলিজা জাষ্টে দুয়োটা গ’ল স্ক’ৰ কৰে।

ষ্টেডিয়ামৰ বাহিৰত দেখা গৈছিল প্ৰতিবাদমুখৰ পৰিৱেশ

লছ এঞ্জেলছ ষ্টেডিয়ামত মেচখন আৰম্ভ হোৱাৰ পূৰ্বেৰে পৰা ষ্টেডিয়ামৰ বাহিৰত দেখা গৈছিল এক প্ৰতীকী প্ৰতিবাদমুখ পৰিৱেশ। ষ্টেডিয়ামৰ বাহিৰত সহস্ৰাধিক ইৰানী পতাকাই লহৰ তুলিছিল। ইয়াৰ ভিতৰত অধিকাংশই আছিল বিপ্লৱৰ পূৰ্বৰ সিংহ আৰু সূৰ্যৰ প্ৰতীক থকা ইৰানী পতাকা। বহু ইৰানী মূলৰ মাৰ্কিন নাগৰিকৰ বাবে পূৰ্বৰ এই পতাকাখন আছিল বৰ্তমান ইৰানী চৰকাৰৰ বিৰুদ্ধাচৰণৰ প্ৰতীক। আনহাতে খেল আৰম্ভ হোৱাৰ পূৰ্বতেই FIFAই ৰাজনৈতিক প্ৰতিবাদ বুলি গণ্য কৰি ষ্টেডিয়ামৰ ভিতৰত পূৰ্বৰ সেই ইৰানী পতাকাখনক নিষিদ্ধ ঘোষণা কৰিছিল কিন্তু তাৰ পিছতো বহু লোকৰ হাতত আৰু টি-চাৰ্টত পূৰ্বৰ সেই পতাকাখনৰ উপস্থিতি দেখা গৈছিল। আনহাতে ষ্টেডিয়ামৰ বাহিৰত বহু লোকে FIFAৰ এই সিদ্ধান্ত আৰু ইৰান চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়। ষ্টেডিয়ামৰ বাহিৰত বৰ্তমানৰ ইৰান চৰকাৰৰ বিৰুদ্ধে ‘মোল্লাসকলৰ দল, মোৰ দল নহয়’, ‘ইৰানত শাসন পৰিৱৰ্তন লাগিব’ ধৰণৰ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা দেখা যায়।

লছ এঞ্জেলছ ষ্টেডিয়ামৰ বাহিৰ আৰু ভিতৰৰ পৰিৱেশৰ পাৰ্থক্য

ষ্টেডিয়ামৰ বাহিৰত ইৰান চৰকাৰ বিৰোধী শ্লোগানেৰে ইৰানী মূলৰ মাৰ্কিন নাগৰিকসকলে পৰিৱেশ উত্তাল কৰিলেও ষ্টেডিয়ামৰ ভিতৰৰ পৰিৱেশ আছিল সম্পূৰ্ণ ওলোটা। মেচখনৰ আৰম্ভণিৰ পৰাই ইৰানৰ খেলুৱৈসকলৰ সমৰ্থনত কঁপি উঠিছিল আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়াম। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত ইৰানে দুবাৰকৈ পিছ পৰি থাকিও অৱশেষত নিউজীলেণ্ডৰ বিৰুদ্ধে ২-২ গ’লত সমতা স্থাপন কৰে।

ফুটবলেই উভতাই আনক ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ষ্টেডিয়ামৰ গেলাৰীত হাজাৰ হাজাৰ ইৰানী পতাকাই বতাহৰ সৈতে লহৰ তুলিছিল। দূৰৰ পৰা সকলো পতাকা একে যেন লাগিলেও প্ৰতিখন পতাকাৰেই যেন আছিল একো একোটা কাহিনী। উপস্থিত দৰ্শকসকলৰ কিছুমানে ইছলামিক গণৰাজ্যৰ চৰকাৰী পতাকাক সন্মান প্ৰদৰ্শন কৰাৰ বিপৰীতে আন কিছুমানে সিংহ আৰু সূৰ্য চিহ্ন অংকিত ইৰানৰ পূৰ্বৰ পতাকাৰ প্ৰতি দেখুৱাইছিল সন্মান আৰু শ্ৰদ্ধা। পতাকাৰ ৰং ভিন্ন হ’লেও এই সকলো দৰ্শকৰ হৃদয়ত গুঞ্জৰিত হৈ আছিল এটাই নাম, ইৰান আৰু ইৰান। ইৰান বনাম নিউজীলেণ্ডৰ উপৰিও সমগ্ৰ ষ্টেডিয়ামখনতেই চলি আছিল অন্য এখন যুদ্ধ আৰু সেয়া আছিল ইৰান বনাম ইৰান। আমেৰিকাত বিগত কেইবাবছৰ ধৰি বসবাস কৰি থকা ইৰানী মূলৰ মাৰ্কিন নাগৰিকসকলৰ মতে তেওঁলোকে ষ্টেডিয়ামলৈ ইৰানক সমৰ্থন কৰিবলৈহে আহিছে, ইৰান চৰকাৰক নহয়। মেচখন আৰম্ভণিৰ পূৰ্বে যেতিয়া ইৰানৰ জাতীয় সংগীত বাজি উঠিছিল তেতিয়া আৱেগৰ চকুপানীৰে হাজাৰ হাজাৰ দৰ্শকৰ চকু ভৰি উঠিছিল। ফুটবলেই ইৰানক একত্ৰিত কৰক, ফুটবলেৰে হলেও ইৰানৰ কোটি কোটি যুদ্ধবিধ্বস্ত জনতাৰ ওঁঠত বিৰিঙ উঠক অলপ হাঁহি আৰু আনন্দ
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
Next Post
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.