গুৰিৰ পৰা ক’লা কৰি তুলিব আপোনাৰ চুলি, প্ৰয়োজন মাত্ৰ এবিধ তেলৰ
বৰ্তমান সময়ত ডেকাৰ পৰা বুঢ়ালৈ সকলো লোকৰে চুলি পকা সমস্যা আছে। বুঢ়া বয়সৰ লোকৰ ক্ষেত্ৰত ই বয়সৰ চাপ যদিও যুৱক-যুৱতী, কিশোৰ-কিশোৰী আদিৰো চুলি পকাৰ সমস্যা অধিক হৈ উঠিছে।
মাত্ৰাধিক কেমিকেল থকা সামগ্ৰী ব্যৱহাৰ, প্ৰদূষণ, মানসিক চাপ আদি বৰ্তমান সময়ত চুলি অধিক পকাৰ মুখ্য কাৰণ হৈ পৰিছে। তাৰোপৰি জন্মগতভাৱে থকা চুলি বেছি ভাল কৰিবলৈ গৈ ওলোটাহে হৈ পৰা দেখা গৈছে কিছুলোকৰ ক্ষেত্ৰত।
পাছে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব কেনেকৈ। বহু বছৰ ধৰি চলি অহা তেলৰ ব্যৱহাৰেই হৈছে ইয়াৰ পৰা সকাহ পোৱাৰ উপায়। পাছে কি তেলৰ ব্যৱহাৰ কৰিলে অকাল পক্কতাৰ পৰা হাত সাৰিব পাৰি।
সেয়া হৈছে সৰিয়হৰ তেল। সৰিয়হৰ তেলৰ ব্যৱহাৰেৰে আমি সহজে চুলি পকা সমস্যাৰ পৰা হাত সৰাৰ লগতে ই আমাৰ চুলি শক্তিশালীয়ো কৰি তোলে। পাছে কিদৰে ব্যৱহাৰ কৰিব এই তেল।
সৰিয়হৰ তেলৰ সৈতে নাৰিকলৰ তেলৰ মিশ্ৰণ- সমপৰিমানে লৈ এই দুয়োবিধ তেল নিয়মিত চুলিত লগালে বহু সমস্যাৰ পৰা সকাহ পাব।
নিমপাতৰ ৰসৰ সৈতে সৰিয়হৰ তেল– নিমপাত পানীত উতলাই তাৰ ৰস উলিয়াই সেই ৰস সৰিয়হৰ তেলৰ সৈতে মিহলি কৰি ৩০ মিনিটৰ বাবে চুলিত সানি পাছত ধুই ইয়াৰ ভাল ফল পাব পাৰে।
বাদামৰ সৈতে সৰিয়হৰ তেল- কাঠ বাদাম (আলমণ্ড) আৰু সৰিয়হৰ তেল সমপৰিমানে মিলাই নিয়মিত ৰূপত চুলিত সানিলে অকাল পক্কতা হ্ৰাস হোৱাৰ লগতে চুলি শক্তিশালী কৰি তোলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ