অসম লাইভ২৪ঃ ফেছবুকত ধন উপাৰ্জন কৰিব বিচাৰিছে নেকি? সম্প্ৰতি বিশেষ সুবিধা আনিছে মেটাই। বোনাছৰ ওপৰিও বিজ্ঞাপনক বাদ দি কি কি উপায়েৰে ধন আয় কৰিব পাৰিব ফেছবুকত? দীপাৱলীৰ প্ৰাকক্ষণতেই ফেছবুক ইউজাৰকাৰীক বিশেষ বোনাছ দিবলৈ আগবাঢ়িছে মেটা। ফেছবুকেই নহয় ইনষ্টাগ্ৰাম ইউজাৰকাৰীয়েও পাব এই বোনাছৰ অংশ। কিন্তু কেনেকৈ ধন আয় কৰিব ফেছবুকত?
মেটাই জনোৱা অনুসৰি ৩৫ খন দেশত নতুন ছাবস্ক্ৰিপশ্ব্যন মডেল আৰম্ভ কৰিছে মেটাই। এই ছাবস্ক্ৰিপশ্ব্যনৰ মাধ্যমেৰে প্ৰতি মাহত ভাল ধন আয় কৰিব পাৰিব প্ৰতিজন কনটেন্ট ক্ৰিয়েটৰে। ফেছবুকৰ পৰা ইতিমধ্যেই বহু ধন আয় কৰি আছে বহু কণ্টেন্ট ক্ৰিয়েটৰে। ক্ৰিয়েটৰসকলে তেওঁলোকৰ সৃষ্টিশীল কামৰ মাধ্যমেৰে ৰীলছ আৰু ফটো শ্বেয়াৰ কৰি ধন উপাৰ্জন কৰি আছে। প্ৰাথমিকভাৱে নিৰ্বাচিত কেইবাজনো ক্ৰিয়েটৰে লাভ কৰিব ইনভাইট অনলি বোনাছ। ৰিলছ আৰু ছবিত কিমান ভিউ হ’লে বোনাছ পাব?
ইনষ্টাগ্ৰাম ছাবস্ক্ৰিপশ্ব্যন
ইনষ্টাগ্ৰামত বহু ফলৱাৰ্ছ আছে নেকি আপোনাৰ? এক্সক্লুছিভ কনটেণ্ট বনাই ছাবস্ক্ৰিপশ্ব্যনৰ বাবে চাৰ্জ কৰিব পাৰে ক্ৰিয়েটৰে। ৩৫ খন দেশত এই ইনষ্টাগ্ৰাম ছাবস্ক্ৰিপশ্ব্যন আৰম্ভ কৰিছে মেটাই। ফলোৱাৰ্ছসকলে যেতিয়া আপোনাৰ ৰিলছ চাব, তাতেই তেওঁলোকে ছাবস্ক্ৰিপশ্ব্যন অপশ্ব্যনটো পাব। DM বা ষ্টৰীৰ মাধ্যমেৰ ছাবস্ক্ৰাইবাৰক স্বাগত জনাবও পাৰিব।
ফেছবুক ছাবস্ক্ৰিপশ্ব্যন আপডেট
ইনষ্টাগ্ৰামৰ দৰে ফেছবুকতো আছে ছাবস্ক্ৰিপশ্ব্যনৰ সুবিধা। আগন্তুক দিনত কেইবালাখ ক্ৰিয়েটৰৰ একাউণ্টত এই ছাবস্ক্ৰিপশ্ব্যনৰ সুবিধা উপলব্ধ হ’ব বুলি জনাইছে মেটাই। ৰিলছ, ফেছবুক ষ্টৰীৰ মাধ্যমেৰে ছাবস্ক্ৰিপশ্ব্যন প্ৰমোট কৰা হ’ব। ইয়াৰোপৰি ফেনসকলৰ বাবে ৩০ দিনৰ ফ্ৰি ছাবস্ক্ৰিপশ্ব্যনৰ সুযোগো দিয়া হ’ব। এইদৰেও প্ৰতিমাহে মোটা অংকৰ ধন আয় কৰিব পাৰিব।
ইনষ্টাগ্ৰাম গীফট
আপুনি তৈয়াৰ কৰা ৰিলছ যদি ফলৱাৰ্ছে পছন্দ কৰে তেন্তে আপোনাক ইনষ্টাগ্ৰামৰ তৰফৰ পৰা গীফট পঠোৱা হ’ব। এই গীফট দিয়া হ’ব ইনষ্টাগ্ৰামৰ পৰাই। এই সুযোগ লাভ কৰিবলৈ আপোনাৰ একাউণ্টত ফলৱাৰ্ছৰ সংখ্যা অন্তত ৫০০০ আৰু ক্ৰিয়েটৰৰ বয়স ১৮ বছৰতকৈ বেছি হ’ব লাগিব। বিজ্ঞাপনত ভাগ লোৱাৰ প্ৰক্ৰিয়া সহজ কৰা হৈছে ফেছবুকত। বিভিন্ন সংস্থাৰ সৈতে অংশীদাৰিত্ব কৰাৰ প্ৰক্ৰিয়া সহজ কৰিছে মেটাই। এইবাৰৰ পৰা ইনষ্টাগ্ৰাম ষ্টৰী পোষ্ট কৰাৰ সময়ত ‘Allow Brand Partner to Boost’ বুলি এটা অপশ্ব্যন আহিব। তাত ক্লিক কৰিলেই বিজ্ঞাপনৰ মাধ্যমেৰে মোটা অংকৰ ধন প্ৰতিমাহে আয় কৰিব পাৰিব।
ফেছবুক আৰু ইনষ্টাগ্ৰামত এই সকলো সুবিধা লবৰ বাবে ক্ৰিয়েটৰৰ একাউণ্টত ভিজিট কৰিব লাগিব। তাতেই মেটাৰ অপশ্ব্যনসমূহ আপুনি দেখা পাব। আপোনাৰ একাউণ্টত যদি এই সমস্ত সুবিধাসমূহ বৰ্তমানলৈকে উপলব্ধ হোৱা নাই তেন্তে অপেক্ষা কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ