অসম লাইভ ২৪ঃ এখন সুন্দৰ আকৰ্ষণীয় ছালৰ অধিকাৰী হ’বলৈ নিশ্চয় আপোনাৰো মন যায়। তাৰ বাবে আপুনি গ্ৰহণ কৰিব লাগিব স্বাস্থ্যকৰ আহাৰ। পাৰ্যমানে পানী সেৱন কৰাৰ লগতে খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব ফল-মূল। বাদাম, পালেং শাককে ধৰি সহজেই পাব পৰা এনে বহু খাদ্য আছে যিয়ে ছালখনক অধিক আকৰ্ষণীয় কৰি তোলাত সহায় কৰে। ছালৰ সমস্যা যেনে—হাইপাৰপিগমেন্টেচন, ছালৰ দাগ, শালমইনা আদিৰ দৰে সমস্যাৰ পৰাও উপশম পাব পাৰি। এই বিশেষ খাদ্যসমূহ হৈছে—
বাদামঃ বাদামত বহু চৰ্বিজাতীয় উপাদান পোৱা যায় যিয়ে আপোনাৰ ছালখন স্বাস্থ্যৱান, উজ্জ্বল আৰু আকৰ্ষণীয় কৰি তোলাত সহায় কৰে। বাদামে ছালখনক পৰিষ্কাৰ কৰি ৰাখে।
বিলাহীঃ বিলাহী অম্ল প্ৰকৃতিৰ হোৱাৰ বাবে ছালৰ দাগ, হাইপাৰপিগমেন্টেচন, শালমইনা আদি কম কৰাত আৰু ছাল পৰিষ্কাৰ কৰাত সহায় কৰে। বিলাহীত ভিটামিন এ, চি, কে ভৰপূৰ মাত্ৰাত পোৱা যায়। বিলাহী ছাল-চুলিৰ লগতে স্বাস্থ্যৰ বাবে অতি উপকাৰী।
পালেং শাকঃ পালেং শাক খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। পালেং শাকত পোৱা ক্ল’ৰ’ফিল নামৰ উপাদানে শৰীৰৰ আভ্যন্তৰ ভাগ পৰিষ্কাৰ কৰি ৰখাৰ লগতে তেজ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।
কমলাঃ কমলাত ভিটামিন চি প্ৰচুৰ মাত্ৰাত পোৱা যায়। ভিটামিন চি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। ভিটামিন চি যুক্ত খাদ্যই শৰীৰক সুস্থ কৰি ৰখাৰ লগতে ছালখনক উজ্জ্বল কৰি ৰাখে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ