মানৱেন্দ্ৰ কুমাৰ দাস : ২০২০ চনত ভাৰতীয় শ্বেয়াৰ বজাৰত পতন ঘটিছিল। সেই সময়ত কৰ’না মহামাৰীৰ বাবে সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰতে কুপ্ৰভাৱ পৰিছিল। অৱশ্যে ২০২১ চনত দেশৰ শ্বেয়াৰ বজাৰলৈ পুনৰ স্বাভাৱিক ছন্দ উভতি আহে। অৰ্থাৎ স্বাভাৱিক ব্যৱসায় আৰম্ভ হয়। ২০০০ টা কোম্পানীৰ শ্বেয়াৰৰ দাম একেৰাহে বাঢ়িবলৈ লয়। তাৰ পৰিণতিত ২০০ টাৰো অধিক কোম্পানীৰ শ্বেয়াৰে ৬/৭ মাহত চাৰি গুণ পৰ্যন্ত লাভ দিছে। সেইবাবে যোৱ মাৰ্চ মাহৰ পৰা শ্বেয়াৰৰ বিক্ৰী বাঢ়িছে। বিক্ৰী বাঢ়িলে শ্বেয়াৰৰ দাম কমিবলৈ আৰম্ভ কৰে। বৰ্তমান এই ধাৰা অব্যাহত আছে।
ইয়াৰ পূৰ্বৰ লেখাত আমি ট্ৰেডিং লেভেলৰ বিষয়ে আলোচনা কৰিছিলো। গতিকে সেই বিষয়ে বিতংকৈ পুনৰ আলোচনা কৰাৰ প্ৰয়োজন নাই। বৰ্তমান মুদ্ৰাস্ফীতি আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবেও বহ শ্বেয়াৰৰ দাম কমিছে। আৰু নিম্ন স্তৰত শ্বেয়াৰৰ কিনা বেচা চলিব লাগিছে। অৰ্থাৎ কম টকা বিনিয়োগ কৰিও ভাৰতীয় শ্বেয়াৰ বজাৰত ব্যৱসায় কৰিব পৰা পৰিবেশ সৃষ্টি হৈছে। নতুন বিনিয়োগকাৰী বাবে ই এক সু খবৰ। কিন্তু তাৰ পূৰ্বে জানিব লাগিব কোন কোম্পানীৰ শ্বেয়াৰত ধন বিনিয়োগ কৰা উচিত। গতিকে আজি সেই বিষয়ে আলোচনা কৰা হ’ব।
লগতে পঢ়ক দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?
বৰ্তমান ষ্টিল অথৰিটি অৱ ইণ্ডিয়া (চেইল)ৰ এটা শ্বেয়াৰৰ দাম ৭৫/- টকাত কৈ কম। এই শ্বেয়াৰটো ৭০/৭১ টকাত কিনিব পাৰিলে ভাল। এবছৰৰ ভিতৰত ইয়াৰ দাম ১৫০/- টকা বা ততোধিক হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই শ্বেয়াৰ ৮০/- টকাৰ কমত কিনিব পাৰি।
বেংক অব ইণ্ডিয়াৰ শ্বেয়াৰ ৫০/- টকা বা তাতকৈ কম দামত কিনিব পাৰিলে ৫/৬ মাহত দুগুণ লাভ আৰ্জন কৰাৰ সুবিধা পোৱা যাব। বৰ্তমান সময়ত বেংক অব ইণ্ডিয়াৰ শ্বেয়াৰ কনি ৰাখিব লাগে। পঞ্জাৱ নেছনেল বেংকৰ শ্বেয়াৰৰ বৰ্তমান ট্ৰেডিং লেভেল ৩০/- টকাৰ পৰা ৩৫/- টকাৰ ভিতৰত। এই শ্বেয়াৰৰ দাম কম সময়ত ৪৫/- টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পঞ্জাৱ নেছনেল বেংকৰ শ্বেয়াৰো এতিয়া কিনি ৰাখিব পাৰি।
লগতে পঢ়ক পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা
ভাৰতীয় শ্বেয়াৰ বজাৰৰ অধিক অৱনতি হ’লেও পঞ্জাৱ নেছনেল বেংকৰ শ্বেয়াৰৰ দাম ২৮/- টকাতকৈ কম হোৱাৰ সম্ভাৱনা নাই। কিয়নো এই শ্বেয়াৰটোৰ চাপ’ৰ্ট লেভেল ২৮.৩০ টকা। চাপ’ৰ্ট লেভেল সম্পৰ্কে পৰবৰ্তী লেখাত বিতংকৈ আলোচনা কৰা হ’ব। আন এটা ভাল শ্বেয়াৰ হৈছে ইণ্ডিয়ান অইল কৰ্প’ৰেছন চমুকৈ আই অ’ চি। বৰ্তমান আই অ’ চি ৰ এটা শ্বেয়াৰৰ দাম ১১৫/- টকাত কৈ কম। বজাৰৰ অৱস্থা অধিক শোচনীয় হ’লে আই অ’ চি ৰ শ্বেয়াৰৰ দাম ১০০/- লৈ কমিব পাৰে। গতিকে বিপদৰ সম্ভাৱনা নাই।
অৱশ্যে এই শ্বেয়াৰৰ দাম আগন্তুক ৬/৭ মাহৰ ভিতৰত সৰ্বাধিক ১৫০/- টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এনে আৰু বহু শ্বেয়াৰ আছে যি সমূহে ৪৫ দিনৰ ভিতৰত তিনিগুণ পৰ্যন্ত লাভ দিয়াৰ উদাহৰণ আছে। তেনে শ্বেয়াৰক বুলিশ্ব শ্বেয়াৰ বুলি কোৱা হয়। ইয়াৰ পৰবৰ্তী লেখাত বুলিশ্ব লেভেলৰ বিষয়ে আলোচনা কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ