শাৰীৰিক আৰু মানসিক নানান চাপৰ কাৰণে পুৰুষৰ মাজত বন্ধ্যাত্বই দেখা দিব পাৰে৷ সঠিক জীৱনযাপন আৰু খোৱাবোৱাৰ মাধ্যমেৰে এই সমস্যা বহু পৰিমাণে কমাব পাৰে৷ বিশেষকৈ কিছু খাদ্য শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে উপকাৰী৷ নিয়মমতে খাদ্য গ্ৰহণ কৰিলেই এই সমস্যাৰ পৰা সমাধান পাব পাৰে৷
বিশেষজ্ঞৰ মতে প্ৰচুৰ পৰিমাণে পালেং শাক, কল, বেৰি, কমলা আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত ডায়েট কৰক৷ এই জাতীয় খাদ্যসমূহ অক্সিডেটিভ ষ্ট্ৰেছ নিয়ন্ত্ৰণত সহায়ক৷ যিয়ে শুক্ৰাণুৰ গুণমানক প্ৰভাৱিত কৰিব পাৰে৷ শুক্ৰাণুৰ গুণমান উন্নত কৰিবলৈ আৰু বেছিকৈ মৌছুমী ফল আৰু পাচলি খাওক৷
এইসমূহৰ ওপৰিও বাদাম আৰু চিডছ বেছ স্বাস্থ্যকৰ৷ কাৰণ এইসমূহত প্ৰচুৰ পৰিমাণে হেলদি ফেট, প্ৰটিন আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ আপোনাৰ প্ৰতিদিনৰ খাদ্যতালিকাত প্ৰচুৰ পৰিমাণে বাদাম, আখৰোট, কোমোৰাৰ বীজ আৰু সূৰ্যমুখী বীজ অন্তৰ্ভুক্ত কৰক৷ আপুনি এইসমূহ কেঁচাকৈ খাব পাৰে অথৱা আপুনি স্মুদি বা ছালাদ হিচাপেও খাব পাৰে৷
পূৰ্বে এক ক্লিনিকেল ট্ৰায়েলৰ ফলাফল দেখা গৈছে৷ যিসকলে সন্তান লোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে নিয়মিত ৬০ গ্ৰাম বাদামযুক্ত খাদ্য গ্ৰহণে শুক্ৰাণুৰ গুণমান, পৰিমাণ আৰু গতিশীলতা উল্লেখযোগ্যভাৱে উন্নত কৰিব পাৰে৷ বাদাম খোৱাৰ ফলত শুক্ৰাণুৰ ডি এন এ ফ্ৰেগমেণ্টেছনৰ মাত্ৰা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে যিয়ে পুৰুষ বন্ধ্যাত্বৰ সৈতে ঘনিষ্ঠভাৱে জড়িত৷
মাছত প্ৰচুৰ পৰিমাণে জিংক আৰু মেগনেছিয়াম থাকে বুলি জনা যায়৷ এই দুটা খনিজ পদাৰ্থ প্ৰজনন স্বাস্থ্যৰ বাবে অপৰিহাৰ্য৷ প্ৰচুৰ পৰিমাণে চেমন, কেটফিছ আৰু চাৰ্ডিন খাওক৷ কাৰণ এইসমূহত ওমেগা থ্ৰি ফেটি এছিড বেছি থাকে আৰু শুক্ৰাণুৰ স্বাস্থ্যৰ বাবেও ই উপকাৰী৷
ওটছ, ৰেড ৰাইছ আৰু কিনোৱাত ভিটামিন, খনিজ আৰু ফাইবাৰ থাকে৷ এই খাদ্যসমূহে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত আৰু প্ৰজনন স্বাস্থ্য উন্নত কৰাত সহায় কৰে৷ এই গোটা শস্যই শুক্ৰাণু উৎপাদনৰ বাবে গুৰুত্বপূৰ্ণ হৰমনসমূহৰ ভাৰসাম্য বজায় ৰখাত সহায় কৰে৷
ৰাজমাহ আৰু মছুৰ ডাইলত প্ৰচুৰ পৰিমাণে প্ৰটিন, ফাইবাৰ, ফোলেট আৰু জিংক থাকে৷ শুক্ৰাণুৰ গুণমান বৃদ্ধিৰ বাবে ফোলেটৰ প্ৰয়োজন আৰু শুক্ৰাণুৰ উৎপাদনৰ বাবে জিংকৰ প্ৰয়োজন৷ সেয়ে আপোনাৰ খাদ্যতালিকাত ডাইল অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব৷ এই খাদ্যই শুক্ৰাণুৰ সংখ্যা বৃদ্ধি কৰিব৷
মুৰ্গী আৰু কণীৰ দৰে পাতল প্ৰটিনযুক্ত খাদ্যই শুক্ৰাণুৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় এমিনো এছিডেৰে ভৰপুৰ৷ শুক্ৰাণু উৎপাদনৰ বাবে এই প্ৰটিনসমূহ প্ৰয়োজনীয়৷ সেয়ে দৈনন্দিন খাদ্যতালিকাত এই ধৰণৰ প্ৰটিন অন্তৰ্ভূক্ত কৰক৷ ডাৰ্ক চকলেটত থাক ফ্লেভোনয়েডে শুক্ৰাণুৰ গুণমান বৃদ্ধিত সহায় কৰে৷ এইসমূহ অক্সিডেটিভ ক্ষতিৰ পৰা শুক্ৰাণুক ৰক্ষা কৰাৰ বাবে পৰিচিত৷ সেয়ে কোনো চিন্তা নকৰাকৈয়ে ডাৰ্ক চকলেট খাব পাৰে৷
শুক্ৰাণুৰ সংখ্য বৃদ্ধি তেতিয়াহে পাব যেতিয়া মানসিক চাপ কম আপুনি কমাব৷ ইয়াৰ সৈতে শাৰীৰিক ব্যায়াম কৰাও গুৰুত্বপূৰ্ণ৷ যিকোনো ধৰণৰ নিচাৰ পৰা দূৰত থকাটোৱেই সমীচীন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















