আৰ্থিক সংকট দূৰ কৰাৰ অন্যতম উপায় হৈছে স্বৰ্ণঋণ৷ আৰু সেয়ে বেংক বা বেংক বহিৰ্ভূত আৰ্থিক সংস্থাই (নন ফাইনেন্সিয়েল কোম্পানী বা এন বি এফ চি) সোণৰ অলংকাৰ বন্ধকত ৰাখে৷ একেই নিয়ম ৰূপৰ গহনাৰ ক্ষেত্ৰতো প্ৰযোজ্য নেকি? এই বিষয়ত কি কৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিয়মে?
সম্প্ৰতি ৰৌপ্যঋণক লৈ এক বিজ্ঞাপ্তি জাৰি কৰিছে আৰ বি আইয়ে৷ তাতেই কোৱা হৈছে এইবাৰৰ পৰা সোণৰ দৰে ৰূপৰ কইন বা অলংকাৰ বন্ধক ৰাখিব পাৰিব সাধাৰণ জনতাই৷ সমস্ত ৰাষ্ট্ৰায়ত্ত সমবায় আৰু বেচৰকাৰী বেংক, এন বি এফ চি আৰু হাউজিং ফাইনেন্স সংস্থাসমূহে এই ঋণ দিব পাৰে৷ আগন্তুক বছৰৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰ হ’ব এই নতুন নিয়ম৷
ইয়াৰোপৰি বন্ধকী ৰূপ ব্যৱহাৰ কৰি আকৌ ঋণ লোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় বেংকে৷ বিনিয়োগকাৰীসকলৰ বহুতেই ৰূপৰ ই টি এফ অৰ্থাৎ এক্সচেঞ্জ ট্ৰেডেড ফাণ্ডত বিনিয়োগ কৰে৷ ইয়াৰ বিপৰীতে কোনো ৰৌপ্যঋণ মঞ্জুৰ কৰা নহ’ব বুলিও জনাইছে ৰিজাৰ্ভ বেংকে৷
বিজ্ঞাপ্তিত সৰ্বাধিক কিমান পৰিমাণৰ ৰূপ বিনিময়ত টকা ধাৰ ল’ব পাৰিব সেয়াও স্পষ্ট কৰি দিছে আৰ বি আইয়ে৷ তাতেই কোৱা হৈছে ১০ কিঃগ্ৰাঃ পৰ্যন্ত ৰূপৰ অলংকাৰ আৰু ৫০০ গ্ৰাম পৰ্যন্ত ৰৌপ্য মুদ্ৰাৰ বিনিময়ত ঋণ পাব আবেদনকাৰীয়ে৷ উল্লেখ্য যে ঋণ পৰিশোধ কৰিলে সেই ৰূপ আকৌ ঘূৰাই পাব বিনিয়োগকাৰীয়ে৷ এইক্ষেত্ৰত বিলম্ব হলে গ্ৰাহকে ক্ষতিপূৰণৰ বাবদ দৈনিক ৫০০০ টকাকৈ দিব লাগিব সংশ্লিষ্ট বেংকক৷ এই কথা কোৱা হৈছে আৰ বি আইৰ তৰফৰ পৰা৷
ইয়াৰোপৰি বন্ধক থকা অৱস্থাত ৰূপৰ অলংকাৰ হেৰাই গলে বা তাৰ কোনো ক্ষতি হ’লে সংশ্লিষ্ট গহনাৰ মূল্য সম্পূৰ্ণভাৱে ধাৰ লোৱা ব্যক্তিক উভতাই দিব লাগিব৷ ঋণ পৰিশোধ নকৰিলে স্বৰ্ণঋনৰ দৰেই ৰূপো নিলাম কৰিব সংশ্লিষ্ট বেংকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ