কাইলৈ ২৬ অক্টোবৰ ২০২৫ দেওবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ কাতিৰ শুক্লা পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শোভন যোগ আৰু অতিগণ্ড যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব জ্যেষ্ঠা নক্ষত্ৰ আৰু মূল নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ শুক্লা পঞ্চমীত দিনজুৰি সকলো কামতে শুভ এনাৰ্জি থাকিব মিথুন ৰাশিৰ জাতকৰ৷ আপোনাৰ নেতৃত্বত কাইলৈ সকলো কামতেই সফল হ’ব৷ আপোনাৰ কামৰ উৎসাহ দেখি বিৰোধীসকল পিছুৱাই আহিব৷ চেষ্টা কৰিও আপোনাৰ কাম কোনোৱে ৰখাব নোৱাৰিব৷
সিংহ ৰাশি
কাইলৈ সূৰ্যদেৱৰ আশীৰ্বাদত খুবেই সুন্দৰ দিন কটাব সিংহ ৰাশিৰ জাতকে৷ সংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ সন্ধিয়া ঘৰলৈ আত্মীয় আহিব পাৰে৷ ব্যৱসায়ত উন্নতিৰ বাবে আপোনাৰ পৰিকল্পনা কাইলৈ সফল হ’ব৷
বৃশ্চিক ৰাশি
কাইলৈ দেওবাৰে চন্দ্ৰাধি যোগৰ প্রভাৱত সুখ আৰু সমৃদ্ধিপূৰ্ণ হ’ব বৃশ্চিক ৰাশিৰ জাতকে৷ ছাত্ৰ ছাত্ৰীসকলে কাইলৈ উচ্চশিক্ষাত বিশেষ সাফল্য লাভ কৰিব পাৰে৷ শিক্ষকৰ পৰা প্ৰয়োজনীয় সহায় পাব৷ বিনিয়োগৰ পৰা মোটা আৰ্থিক লাভ হব পাৰে৷
ধনু ৰাশি
সুকৰ্ম যোগৰ প্ৰভাৱত কাইলৈ দিনটো ধনু ৰাশিৰ জাতকৰ বাবে শুভ হ’ব৷ কাইলৈ আপোনাৰ ঘৰত কোনো আনন্দপূৰ্ণ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ এই অনুষ্ঠানত পৰিয়ালৰ সকলো সদস্যই হাই হুল্লা কৰিব৷ নিজৰ প্ৰিয় মানুহৰ খেয়াল ৰাখিব৷
কুম্ভ ৰাশি
কাইলৈ দিনটো উৎসাহ আৰু আত্মবিশ্বাসেৰে টগবগ কৰিব কুম্ভ ৰাশিৰ জাতক৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই জয়লাভ কৰিব৷ কাইলৈ সন্ধিয়া পুৰণি কেইবাদনো প্ৰিয় বন্ধুৰ সৈতে ভাল সময় কটাব৷ পৰিয়ালৰ সৈতে আপোনাৰ সম্পূৰ্ণ পূৰ্বতকৈ ভাল হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















