ধৰ্ম প্ৰডাকছনে নিবেদন কৰা ছবি বেড নিউজ এইকেইদিন চৰ্চাৰ শিখৰত৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ভিকি কৌশল, ক্ৰুপতি ডিমৰি, এমি ভিৰ্কে৷ ছবিখন চৰ্চাত থকাৰ কাৰণ হৈছে ছবিৰ কাহিনী৷ ছবিখনত গৰ্ভধাৰণৰ অদ্ভুত বাখ্যা দাঙি ধৰা হৈছে৷
একেটা গৰ্ভত একেসময়তে দুটি পৃথক পিতৃৰ সন্তান থাকিব পাৰেনে? এই অদ্ভুত গৰ্ভধাৰণ প্ৰক্ৰিয়াই এই ছবিত দেখুওৱা হৈছে৷ ছবিত দেখুৱাৰ দৰে এই কাহিনী সঁচা নেকি? এয়া সঁচাকৈয়ে সম্ভৱ বুলি দাবী কৰিছে চিকিৎসকে৷ এই ধৰণে গৰ্ভধাৰণ কৰা পদ্ধতিক কোৱা হয় Heteropaternal Superfecundation.
Heteropaternal Superfecundation প্ৰকৃততে কি?
এই পদ্ধতিৰে গৰ্ভস্থ সন্তানৰ দুটা শুক্ৰানু পৃথক হয়৷ দুটা শুক্ৰাণুৱে পৃথকে পৃথকে নিষেচন হয়৷ এই পদ্ধতিৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ চেহেৰাও যমজ হ’লেও সম্পূৰ্ণ পৃথক হয়৷ এয়া এক বিৰল পৰিঘটনা৷ ২০২০ লৈকে এনেকৈ জন্ম হোৱা ২০ কেছহে লিপিবদ্ধ আছে চিকিৎসাবিজ্ঞানত৷
মেকগিল বিশ্ববিদ্যালয়ে এই বিষয়ক লৈ চৰ্চা চলাই আছে৷ এই পদ্ধতি ভেড়া, গৰু আদিৰ ক্ষেত্ৰত সাধাৰণ হ’লেও মানুহৰ ক্ষেত্ৰত এই ঘটনা বিৰল৷ এইধৰণে জন্মগ্ৰহণ কৰা সন্তানৰ মানসিক স্বাস্থ্য প্ৰভাৱিত হয় বুলি চিকিৎসকে বাখ্যা কৰিছে৷ মানসিক স্বাস্থ্যৰ সমস্যা যেনে হতাশা, মানসিক চাপ আৰু উদ্বেগ বৃদ্ধিৰ দৰে সমস্যা হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ