কাৰ্বোহাইড্ৰেট, স্বাস্থ্যকৰ ফেট, প্ৰটিনৰ ওপৰিও শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন জৰুৰী৷ আপোনাৰ শৰীৰত ভিটামিনৰ চাহিদা কিমান সেয়া চিকিৎসকেহে কব পাৰে৷ দৈনিক খোৱাবোৱাৰ পৰা ভিটামিন শৰীৰত প্ৰৱেশ কৰাটো ভাল৷ কিন্তু এতিয়াৰ যি খাদ্যভাষ তাত ভিটামিন বাদেই শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ উপাদানসমূহৰো ঘাটিহে হৈছে৷ সেয়ে মাল্টিভিটামিনৰ টেবলেট অথৱা বিভিন্ন ধৰণৰ ছাপ্লিমেণ্ট খোৱাৰ অভ্যাস বহুতেই কৰিছে৷ মূৰৰ বিষ, মূৰ ঘূৰোৱা, অতিৰিক্ত ক্লান্তিভাৱ থাকিলে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বহুতেই মাল্টিভিটামিনৰ টেবলেটো খায়৷ ডোজ নজনাকৈ দৈনিক এটাকৈ টেবলেট বহুতেই গ্ৰহণ কৰি আহিছে৷ ইয়াৰ ফলত শৰীৰত ক্লান্তিভাৱ কমে ঠিকেই কিন্তু অন্য ধৰণৰ সমস্যাই দেখা দিয়ে৷ দিনৰ পাছত দিন মাল্টিভিটামিন খালে তাৰ কিছু পাৰ্শ্বপ্ৰতিক্ৰিয়াই দেখা দিয়ে৷ দৈনিক খালে ই লিভাৰৰ জটিল ৰোগৰ কাৰণ হৈ উঠিব পাৰে৷
মাল্টিভিটামিন ছাপ্লিমেণ্টে কেনেকৈ লিভাৰৰ ক্ষতি কৰে?
লিভাৰৰ কি কি ক্ষতি হব পাৰে?
- হজম প্ৰক্ৰিয়া দুৰ্বল হৈ পৰিব পাৰে৷ খাদ্য ঠিকমতে হজম নোহোৱাৰ ফলত গেছৰ সমস্যা বাঢ়িব পাৰে৷
- পেটৰ ওপৰত সোঁফালে বিষ অনুভৱ কৰিব পাৰে৷ অলপ খাদ্য গ্ৰহণ কৰিলেই পেট ফোলাৰ দৰে সমস্যাই দেখা দিব পাৰে৷
- যিসমূহ ছাপ্লিমেণ্টত ভিটামিন এ আৰু আয়ৰণৰ মাত্ৰা বেছি সেইসমূহ উচ্চ মাত্ৰাত খালে লিভাৰত বিষক্ৰিয়া হব পাৰে৷ ফলত লিভাৰৰ স্বাভাৱিক কাম কৰাৰ ক্ষমতা ব্যাহত হব পাৰে৷ তেজত বিলিৰুবিন জমা হৈ জণ্ডিছৰ লক্ষণে দেখা দিব পাৰে৷
- শৰীৰ ভিতৰত ৰক্তক্ষৰণো হব পাৰে৷ নাকেৰে তেজ ওলোৱা, লেট্ৰিনত তেজ যোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















