পুৰুষতান্ত্ৰিক সমাজত বুলিয়ে কেৱল নহয় হকে বিহকে যেতিয়া তেতিয়াই একাংশ স্বামীয়ে নিজ পত্নীক আন নাৰীৰ সৈতে তুলনা কৰি হেয় কৰিবলৈ দৃষ্টিকটুভাৱে চেষ্টা কৰি আহে৷ আনকি কথাই কথাই স্বামীয়ে পত্নীক ঠাট্টা-মস্কৰা, তুচ্চ-তাচ্ছিল্য আদিও কৰি আহে৷
নিজ পত্নীৰ চেহেৰাক আন সুন্দৰী নাৰীৰে তুলনা কৰি ব’ডি শ্বেমিঙো কৰি আহে৷ আপুনিও যদি এজন স্বামী হৈ আপোনাৰ পত্নীক তেনে ব্যৱহাৰ কৰি আহিছে তেনে এতিয়াৰে পৰা তেনে কাম কৰিবলৈ বন্ধ কৰক৷ কাৰণ দেশৰ এখন উচ্চ ন্যায়ালয়ে ইয়াক মানসিক অত্যাচাৰ তথা নিষ্ঠুৰতা বুলি অভিহিত কৰিছে৷
কেৰালা উচ্চ ন্যায়ালয়ে এগৰাকী পত্নীয়ে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰিছে৷ এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে পুৰুষে পত্নীক কৰা ইতিকিং, আন মহিলাৰে তুলনা, আশা-প্ৰত্যাশা পূৰ্ণ কৰিব নোৱাৰাৰ অভিযোগ আদি মানসিক নিৰ্যাতনৰ শাৰীত পৰে বুলি যুগান্তকাৰী মন্তব্য কৰে।
লগতে পঢ়ক শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে
কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অনিল কে নৰেন্দ্ৰন আৰু ন্যায়াধীশ চি এছ সুধাৰ বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ বিবাহ বিচ্ছেদ আইনৰ অনুচ্ছেদ ১০(ঞ)য়ে এনেধৰণৰ মানসিক নিৰ্যাতনসমূহ সামৰি ল’ব বুলিও উল্লেখ কৰে।
ন্যায়াধীশ অনিল কে নৰেন্দ্ৰন আৰু ন্যায়াধীশ চি এছ সুধাৰ বিচাৰপীঠে আদালতৰ শুনানিকালত কয় যে স্বামীয়ে বাৰে বাৰে পত্নীক ঠাট্টা কৰা আৰু আন মহিলাৰ সৈতে পত্নীক তুলনা কৰাটো নিশ্চিতভাৱে মানসিক নিষ্ঠুৰতা। আদালতে কয়, ‘এগৰাকী পত্নীয়ে স্বামীৰ পৰা এনে ধৰণৰ আশা কৰিব পাৰিনে?’
এক বিবাহ বিচ্ছেদ সম্বন্ধীয়া গোচৰ নিষ্পত্তি কৰি উচ্চ ন্যায়ালয়ে কয় মানসিক নিৰ্যাতনৰ পৰিভাষা সময় সাপেক্ষে পৰিৱৰ্তন হৈ থাকে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ কেৰালা উচ্চ ন্যায়ালয়ৰ মতে শাৰীৰিক অত্যাচাৰৰ সহজেই প্ৰমাণ পোৱা যায় কিন্তু আজিৰ দিনৰ মানসিক নিৰ্যাতন বিভিন্ন প্ৰকাৰৰ।
উল্লেখ্য যে, এগৰাকী মহিলাই তেওঁৰ স্বামীয়ে চেহেৰাৰ বাবে বাৰে বাৰে ইতিকিং কৰাৰ লগতে আন মহিলাৰ সৈতে তেওঁক তুলনা কৰি মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি আদালতত আবেদন দাখিল কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ