এটা কুকুৰ হৈ পৰিল অফিচৰ বছ, পদৰ নাম CHO, ছ’চিয়েল মিডিয়াত আলোড়ন
কৰ্পৰেট অফিচ বুলিলেই মনলৈ আহে টাৰ্গেট, ডেডলাইন, ষ্ট্ৰেছ আদিৰ কথা। বছৰ কাঢ়া নিৰ্দেশ, কঠোৰ কথা। কিন্তু এটা কৰ্পৰেট অফিচত নিযুক্তি দিয়া হৈছে এটা কুকুৰক। হায়দৰাবাদৰ এটা ৰবটিক্স ষ্টাৰ্টআপ কোম্পানীক এই আজৱ চিন্তাধাৰা।
কোম্পানীটোৱে নিজৰ কাৰ্যালয়ৰ পৰিৱেশটো আনন্দময় কৰি তুলিবলৈ এক অতি মৰমলগা আৰু বিশেষ পদ্ধতি গ্ৰহণ কৰিছে। এটা গোল্ডেন ৰিট্ৰিভাৰ কুকুৰক মুখ্য সুখ বিষয়া বিচাপে নিযুক্তি দিছে। এই কুকুৰটোৰ নাম ‘ডেনভাৰ’ যি বৰ্তমানে অফিচটোৰ মুখ্য সুখ বিষয়া (Chief Happiness Officer (চি এইচ অ’)) ।
ডেনভাৰে এতিয়া দায়িত্ব গ্ৰহণ কৰি অন্য কৰ্মচাৰীৰ দৰে প্ৰতিদিনে কাৰ্যললৈ আহে। দলীয় সভাতো অংশ লয়। যাৰ বাবে এতিয়া কাৰ্যালয়টোৰ কৰ্মচাৰীৰ মানসিক চাপ দূৰ হৈছে। ডেনভাৰৰ উপস্থিতিয়ে কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক কৰি ৰাখে।
পাছে কিয় কোম্পানীয়ে এইদৰে এটা কুকুৰক কাৰ্যলয়ত নিযুক্তি দিয়াৰ সিদ্ধান্ত ল’লে? হাৰ্ভেষ্টিং ৰবটিক্স নামৰ এই কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক ৰাহুল আৰেপকাই কয় যে আজিৰ ব্যস্ততাপূৰ্ণ জীৱন আৰু কৰ্মচাপৰ বাবে মানুহ ভাগৰুৱা হৈ পৰিছে। এই কাৰণেই তেওঁক ডেনভাৰৰ চি এইচ অ’ হিচাপে নিযুক্তি দিয়া হৈছে।
ৰাহুলে কয়, “আমি উপলব্ধি কৰিলোঁ যে কেৱল কামে এটা কাৰ্যালয় চলাব নোৱাৰে, কৰ্মচাৰীসকলৰ সুখ আৰু মানসিক স্বাস্থ্যও গুৰুত্বপূৰ্ণ। ডেনভাৰৰ উপস্থিতিয়ে কাৰ্যালয়ত শক্তি আৰু ইতিবাচকতা দুয়োটা বৃদ্ধি কৰিছে।”
কোম্পানীটোৱে নিজৰ নতুন চি এইচ অ’ ডেনভাৰৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে ইণ্টাৰনেটত এই পোষ্ট ভাইৰেল হৈ পৰিছে। মানুহে ডেনভাৰক বহুত প্ৰশংসা কৰাৰ লগতে কৈছে যে প্ৰতিটো কাৰ্যালয়ে এই উদ্যোগ ল’ব লাগে।
পোহনীয়া জন্তুৰ অনুকূল সংস্কৃতি ভাৰতত দিনে দিনে বাঢ়ি গৈছে। গুগল, আমাজনৰ দৰে বহু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডে ইতিমধ্যে পোহনীয়া জন্তুৰ বাবে অনুকূল অফিচ সংস্কৃতি গ্ৰহণ কৰিছে। এতিয়া ভাৰতৰ হায়দৰাবাদ, বেংগালুৰু, মুম্বাইৰ দৰে চহৰৰ কোম্পানীসমূহেও এই দিশত আগবাঢ়িছে। ই কেৱল কৰ্মচাৰীসকলৰ মংগলৰ বাবেই নহয়, কাৰ্যালয়ৰ উৎপাদনশীলতা আৰু সুখ বৃদ্ধিত সহায় কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















