বেছ কিছুদিন ধৰি সন্ধানহীন হৈ আছিল এগৰাকী মহিলা৷ তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা থানাত নিখোজক লৈ এখন অভিযোগনামাও দাখিল কৰা হৈছিল৷ আৰক্ষীয়ে এই ঘটনাৰ তদন্তত নামিয়েই সন্দেহৰ তীৰ টোৱাইছিল মহিলাগৰাকীৰ স্বামীৰ দিশে৷ শেষ পৰ্যন্ত আৰক্ষীৰ সন্দেহ সত্যত পৰিণত হ’ল৷ আৰক্ষীয়ে লাভ কৰা শিহঁৰণকাৰী তথ্যই কঁপাই তুলিব আপোনাকো৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি আৰক্ষীৰ সোধপোছত স্বামীয়ে জনাইছে কেনেকৈ পত্নীক হত্যা কৰিলে৷
ঘটনাটো হায়দৰাবাদৰ৷ জানুৱাৰীৰ মাজভাগতেই নিখোঁজ হৈছিল পুট্টাভেংকট মাধৱী নামৰ ৩৫ বছৰীয়া মহিলাগৰাকী৷ ১৬ জানুৱাৰীত মাধৱীৰ পিতৃ মাতৃয়ে আৰক্ষীৰ ওচৰত কন্যা নিখোজৰ অভিযোগনামা দাখিল কৰিছিল৷ অভিযোগৰ ভিত্তিতেই তদন্তত নামে মীৰপেট থানাৰ আৰক্ষী৷ সেই মহিলাৰ স্বামী গুৰু মূৰ্তিক সোধপোছ আৰম্ভ কৰে আৰক্ষীয়ে৷ গুৰুৱে দাবী কৰিছিল, কেইবাদিন পূৰ্বে তেওঁৰ সৈতে কাজিয়া কৰি পত্নীয়ে ঘৰ এৰি গুচি গৈছে৷ কোনো আত্মীয়ৰ ঘৰলৈ গৈছে বুলিও দাবী কৰিছিল গুৰুৱে৷ কিন্তু আৰক্ষীৰ জেৰা যিমানেই বাঢ়ি গ’ল স্বামীৰ ভাষ্যও লাহে লাহে সলনি হ’বলৈ ধৰিলে৷
খঙতেই স্বামী গুৰুৱে পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰি লয়৷ পত্নীক কেনেকৈ হত্যা কৰিলে তাৰো শিঁহৰণকাৰী বৰ্ণনা দিলে গুৰুৱে৷ আৰক্ষীৰ সন্মুখত গুৰুৰ স্বীকাৰোক্তি, খঙৰ ভমকত তেওঁ পত্নীক হত্যা কৰিলে৷ এই হত্যাৰ প্ৰমাণ লুকুৱাবলৈকে কৰিব লগা হ’ল একাধিক কাম৷ ঘৰৰ শৌচাগাৰত দেহটো টুকুৰা টুকুৰকৈ কাটিলে৷ তাৰপাছতেই দেহাংশসমূহ কুকাৰত সিজাই দিলে৷ ইয়াৰ পাছতেই হাঁড় পৃথক কৰি সেইসমূহ আকৌ গুৰি কৰি পৃথককৈ সিজালে৷ ৩দিন ধৰি এই কাম ক্ৰমাগতভাৱে কৰি শেষ কৰিছিল৷ তাৰপাছতেই সিজাই লোৱা অংশসমূহ জলাশয়ত পেকেট কৰি পেলাই দিছিল গুৰুৱে৷
বুধবাৰে নিশা পৰ্যন্ত নিহত পত্নীৰ দেহাংশৰ কোনো অংশও আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে৷ গুৰুমূৰ্তিৰ দাবী অনুসৰিয়েই আৰক্ষীয়ে তদন্তত নামিছে৷ একাধিক আৰক্ষীৰ লগতে ডগ স্কোয়াডকো এই তদন্তত নমোৱা হৈছে৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি গুৰু মূৰ্তিৰ সৈতে মাধৱীৰ বিয়া হৈছিল ১৩ বছৰ পূৰ্বে৷ হায়দৰাবাদৰ বাসিন্দা এই পৰিয়ালটি৷ পূৰ্বে সেনাবাহিনীত কাম কৰিছিল গুৰুমূৰ্তিয়ে৷ বৰ্তমান এটা সংস্থাত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে৷ সেই দম্পত্তিৰ ২ টা সন্তানো আছে৷ ঘটনাৰ দিনা দুই সন্তান ঘৰত নাছিল বুলিও জনাইছে গুৰুমূৰ্তিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















