২০২৬ চনৰ টি-২০ বিশ্বকাপ জিকি ৰেকৰ্ড গঢ়িছে ভাৰতীয় দলে৷ লেথাৰিকৈ দুবাৰ বিশ্বকাপ জিকিছে সেয়াও নিজ দেশত৷ এনে নজিৰ নাই বিশ্বৰ আন কোনো দলৰ৷ এই ৰেকৰ্ড গঢ়াৰ পাছতেই বিচিচিআইয়ে সূৰ্যকুমাৰ যাদৱসহ সমগ্ৰ দলটোকেই আৰ্থিক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছে৷
কিমান ধন দিছে বি চি চিআইয়ে?
স্বাভাৱিকভাৱেই ভাৰতী ক্ৰিকেট বৰ্ডে টিম ইণ্ডিয়াৰ বাবে ১৩১ কোটি নগদ পুৰস্কাৰ ঘোষণা কৰিছে৷
উল্লেখ্য যে ২০২৪ চনতো বাৰ্বাডোজৰ পৰা বিশ্বকাপ জিকি আহিছিল ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়াই৷ সেই সময়ত তেওঁলোকক দিয়া হৈছিল ১২৫ কোটি টকা৷ পুৰস্কাৰৰ ধন এইবাৰ বৃদ্ধি পাইছে৷
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ফাইনেলত নিউজিলেণ্ডক হৰুৱাই ভাৰতে ট্ৰফি নিজৰ হাতলৈ আনিছে৷ এই জয়ৰ মাধ্যমেৰে ভাৰতে তিনিবাৰ আই চিচি পুৰুষৰ টি-২০ বিশ্বকাপ জয়কাৰী প্ৰথম দল হৈ উঠিছে৷ যি এই ফৰ্মেটৰ ইতিহাসৰ সকলোতকৈ সফল দলসমূহৰ মাজত তেওঁলোকৰ স্থান আৰু সুদৃঢ় কৰিছে৷
বোৰ্ডে এই ঐতিহাসিক বিজয়ৰ বাবে খেলুৱৈ, সহায়কাৰী কৰ্মী আৰু নিৰ্বাচকসকলক অভিনন্দন জনাইছে আৰু ভৱিষ্যতে তেওঁলোকৰ সফলতা অব্যাহত ৰখাৰ কামনা কৰি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে৷ সেই পোষ্টতেই টিম ইণ্ডিয়াৰ বাবে ১৩১ কোটি নগদ পুৰস্কাৰ ঘোষণা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















