অসম লাইভ ২৪ঃ ‘কোভিশ্বেল্ফ’ৰ জৰিয়তে এতিয়াৰে পৰা ঘৰতেই কৰিব পাৰিব কোভিড টেষ্ট। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ(ICMR) য়ে RAT পৰীক্ষাৰ বাবে ‘কোভিশ্বেল্ফ’ক সেউজ সংকেত প্ৰদান কৰে। ‘কোভিশ্বেল্ফ’ৰ দ্বাৰা ঘৰুৱা ভিত্তিক ৰেপিড এণ্টিজেন টেষ্ট কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ICMR এ। যাৰ জৰিয়তে চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ অনুপস্থিতিতো ব্যক্তিয়ে কোভিড পৰীক্ষা কৰিবলৈ সক্ষম হ’ব। RAT পৰীক্ষাৰ বাবে কেৱল নাকৰ স্বাৱৰ প্ৰয়োজন হয়, সেই উদ্দেশ্যে ‘কোভিশ্বেল্ফ’ নামৰ এটা কিট অনুমোদন জনাইছে ICMR এ।
𝐈𝐂𝐌𝐑 𝐢𝐬𝐬𝐮𝐞𝐝 𝐀𝐝𝐯𝐢𝐬𝐨𝐫𝐲 𝐟𝐨𝐫 𝐂𝐎𝐕𝐈𝐃-𝟏𝟗 𝐇𝐨𝐦𝐞 𝐓𝐞𝐬𝐭𝐢𝐧𝐠 𝐮𝐬𝐢𝐧𝐠 𝐑𝐚𝐩𝐢𝐝 𝐀𝐧𝐭𝐢𝐠𝐞𝐧 𝐓𝐞𝐬𝐭𝐬 (𝐑𝐀𝐓𝐬). For more details visit https://t.co/dI1pqvXAsZ @PMOIndia #ICMRFIGHTSCOVID19 #IndiaFightsCOVID19 pic.twitter.com/membV3hPbX
— ICMR (@ICMRDELHI) May 19, 2021
কোভিশ্বেল্ফৰ অপপ্ৰয়োগৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ICMR ৰ জাননীত। যিসকলৰ কোভিডৰ লক্ষণে দেখা দিছে বা যিসকলৰ কোভিড সংক্ৰমণৰ সম্ভাৱনা আছে কেৱল তেওঁলোককহে কোভিশ্বেল্ফ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়াইছে ICMRএ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ