কিছুমান মানুহে ন-পুৰণি বহু সম্পদ তথা বস্তু সংৰক্ষণ কৰি ৰাখে৷ সেয়া তেওঁলোকে স্মাৰকৰূপে সংৰক্ষণ কৰে৷ বহুলোকে পুৰণি মুদ্ৰা বা নোটও স্মৰক হিচাপে সংৰক্ষণ কৰি থয়৷
যদি তেনে লোকে ভাৰতৰ পুৰণি নোট বা মুদ্ৰা সংৰক্ষণ কৰি ৰাখিছে তেনে লোকে হয়তো লাখপতি হোৱাৰ সুযোগ লাভ কৰিব পাৰে! কিন্তু কেনেকৈ?
পুৰণি মানে অতি দুৰ্লভ বুলি বিবেচিত কোনো মুদ্ৰা বা নোট কিছুমান ৱেবছাইটত পঞ্জীয়ন কৰিব পাৰি৷ এনে ধৰণৰ পুৰণি নোট বা মুদ্ৰা পঞ্জীয়ন কৰিলে ইয়াৰ বিনিময়ত উচিত মূল্য লাভ কৰিব পাৰে।
লগতে পঢ়ক হৰভজন সিঙৰ মহানুভৱতা! কৃষকৰ কন্যাৰ শিক্ষাত ব্যয় কৰিব দৰমহাৰ ধন
ইয়াৰ বাবে প্ৰথমে ebay ৱেবছাইটলৈ যাব লাগিব আৰু হোম পৃষ্ঠাত লোকজনে নিজৰ বিৱৰণ দি পঞ্জীয়ন কৰিব লাগিব।
তাৰ পিছতে নোট বা মুদ্ৰাটোৰ ফ’টোসহ টোকা এটা সন্নিৱিষ্ট কৰি ৱেবচাইটোত আপলোড কৰিব লাগিব।
এইদৰে লোকজনে নিজৰ পৰিচয়মূলক বিৱৰণ আপলোড কৰি ৰাখিলে আগ্ৰহী লোকে তেওঁৰ সৈতে যোগাযোগ কৰিব। লোকজনে যোগাযোগ কৰিলে লোকজনে তেওঁ বিচৰা মূল্যৰ বিষয়ে আগ্ৰহী লোকজনক জনাই নিজৰ নোট বা মুদ্ৰাটো বিক্ৰী কৰিব পাৰে।
ebayৰ উপৰিও OLX, IndiaMart, Quikr আৰু Coinbazaar.in আদিতো পুৰণি নোট আৰু মুদ্ৰা বিক্ৰী কৰিব পৰা ব্যৱস্থা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ