বৰ্তমান সকলোৱেই কোনোবা নহয় কোনোবা স্থানত নিজৰ ধন বিনিয়োগ বা সঞ্চয় কৰিব খোজে৷ সেই দিশৰ পৰা চালে প্ৰথমেই সকলোৰে মনত পৰে পোষ্ট অফিচৰ ছেভিংছ স্কিমৰ কথা৷ পোষ্ট অফিচৰ বিভিন্ন ধৰণৰ স্কিম আছে৷ যিয়ে শিশু, মহিলা আৰু প্ৰবীণ নাগৰিক সকলোৰে বাবেই উপকাৰী৷ কাৰণ পোষ্ট অফিচৰ বেছিভাগ স্কিমেই ৰিস্কমুক্ত৷ আপুনি ইয়াত যি ধন বিনিয়োগ কৰিব সেয়া নিৰাপদ আৰু সুৰক্ষিত৷ ইয়াৰোপৰি এই স্কিমসমূহৰ সুদৰ হাৰো আকৰ্ষণীয়৷ ইয়াৰ সৈতে আছে চৰকাৰৰ গেৰাণ্টিও৷
এই স্কিমসমূহৰ মাজতে এটা হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড৷ ই ভাৰতৰ সৰু সৰু বিনিয়োগকাৰীৰ মাজত অত্যন্ত জনপ্ৰিয় এক সঞ্চয় প্ৰকল্প৷ বেছিভাগ মানুহেই তেওঁলোকৰ আয়ৰ এটা অংশ এনে স্থানত বিনিয়োগ কৰিব খোজে য’ত ধন নিৰাপদ থাকিব আৰু সুদো পোৱা যাব৷ এই ধৰণৰ বিনিয়োগকাৰীৰ বাবে এই স্কিম এক চমৎকাৰ বিকল্প৷ এই প্ৰকল্পত বছৰি ৭শতাংশতকৈ বেছি সুদ দিয়া হয়৷ সেই অনুসৰি আপুনি যদি প্ৰতিমাহে নিয়মিতভাৱে বিনিয়োগ কৰে, তেন্তে ১৫ বছৰৰ পাছত বিপুল পৰিমাণে লাভ পাব পাৰে৷
বৰ্তমান পিপিএফ প্ৰকল্পত চৰকাৰে ৭.১ শতাংশ বাৰ্ষিক সুদ প্ৰদান কৰে৷ আপুনি এই প্ৰকল্পত যি অৰ্থ বিনিয়োগ কৰিব সেই টকাৰ ওপৰত কৰ দিয়া হয়৷ সেই টকাত যি সুদ অৰ্জিত হয় তাতো কোনো কৰ দিব নালাগে৷ আনকি ম্যাদপূৰ্তিৰ সময়ত আপুনি যি অৰ্থ পাব তাতো কৰ প্ৰযোজ্য নহয়৷ এই স্কিমত ১৫ বছৰ লক ইন পিৰিয়ড আছে৷ অৰ্থাৎ আপুনি এই সময়ৰ পূৰ্বে সম্পূৰ্ণ ধন তুলি ল’ব পাৰিব৷ আপুনি মাত্ৰ ৫০০ টকা দিয়েই এই প্ৰকল্পত এটা একাউণ্ট খুলিব পাৰে৷ আৰু সৰ্বাধিক বিনিয়োগৰ পৰিমাণ হ’ব ১.৫ লাখ টকা৷ কম আয়ৰ ব্যক্তিয়েও সহজেই এই স্কিমত বিনিয়োগ কৰিব পাৰে৷
৪০ লাখ টকা কেনেকৈ পাব?
উদাহৰণ হিচাপে ধৰক আপুনি যদি প্ৰতিমাহে ১২৫০০ টকাকৈ বিনিয়োগ কৰে তেন্তে ১৫ বছৰত মুঠ বিনিয়োগৰ পৰিমাণ হ’ব ২২.৫ লাখ টকা৷ ইয়াৰ সৈতে ৭.১ শতাংশ সুদৰ হাৰত আপুনি প্ৰায় ১৮.১৮ লাখ টকা সুদ পাব৷ অৰ্থাৎ ১৫ বছৰৰ শেষত আপোনাৰ মুঠ টকাৰ পৰিমাণ হ’ব প্ৰায় ৪০.৬৮ লাখ টকা৷ আপুনি বিচাৰিলে এই বিনিয়োগৰ পৰিমাণ কমাব বা বঢ়াবও পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ