ভৱিষ্যদ্বাণী কৰিছিল, চেম্পিয়নছ ট্ৰফীৰ দেওবাৰৰ মেচত পাকিস্তানৰ হাতত পৰাস্ত হ’ব ভাৰত৷ কিন্তু সেই ভৱিষ্যদ্বাণী নিমিলাৰ পাছতেই সুৰ সলাইছে মহাকুম্ভত ভাইৰেল হোৱা আই আই টি বাবাই৷ ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ ক্ষোভৰ বাবে অৱশেষত ক্ষমাও বিচাৰিছে আই আই টি বাবাই৷ তেওঁ শেহতীয়াকৈ সুৰ সলাই কৈছে, ‘মনে মনে ভাৰত জিকিব বুলিয়েই ভাৱিছিলো৷’ চেম্পিয়নছ ট্ৰফিত দেওবাৰে চিৰ প্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে ডুবাই আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত খেলিবলৈ নামিছিল ভাৰত৷ বেট বলেৰে পাকিস্তান টীমক ধৰাশায়ী কৰিছে ভাৰতে৷ কিন্তু সেই খেলৰ তিনিদিন পূৰ্বে এক ভিডিঅ’ ভাইৰেল হৈছিল৷
সেই ভিডিঅ’ত আই আই টি বাবা ওৰফে অভয় সিঙে ভাৰত পাক মেচক লৈ ভৱিষ্যদ্বাণী কৰা দেখা গৈছিল৷ অভয়ে আত্মবিশ্বাসেৰে সৈতে দাবী কৰিছিল যে আই চি চি চেম্পিয়নছ ট্ৰফিৰ দেওবাৰৰ মেচত ভাৰতক হৰুৱাব পাকিস্তানে৷ বহু চেষ্টা কৰিও জিকিব নোৱাৰিব ৰোহিতৰ দল৷ ভাইৰেল সেই ভিডিঅ’ত আই আই টি বাবাই কৈছিল, ‘এইবাৰ ভাৰত জিকিব নোৱাৰিব৷ নিশ্চিতভাৱে এইবাৰ হাৰিব৷’
ভাৰতীয় দলক চেলেঞ্জ কৰি তেওঁ কৈছিল, ‘মই কৈ দিছো ভাৰত জিকিব নোৱাৰিব৷ মোক ভুল প্ৰমাণ কৰক আৰু পাৰিলে জিকি দেখুৱাওক৷’ অভয়ৰ এই মন্তব্যই বিতৰ্কৰ জন্ম দিছিল সামাজিকমাধ্যমত৷ ক্ষোভ প্ৰকাশ কৰিছিল ভাৰতীয় দলৰ সমৰ্থকে৷ দেওবাৰৰ মেচৰ শেষত দেখা যায় অভয়ৰ ভৱিষ্যদ্বাণী মুঠেও নিমিলিল৷ বিৰাট কোহলিৰ বেটতেই জয়ৰ মুখ দেখে ভাৰতে৷
ভাৰতৰ জয়ৰ পাছতেই সামাজিক মাধ্যমত মিমৰ বন্যা বৈছে৷ মিম দেখাৰ পাছতেই আই আই টি বাবাই টুইটত লিখিছে, ‘মই জনতাৰ ওচৰত ক্ষমা বিচাৰিছো৷ প্ৰত্যেক ভাৰতীয়ই ভাৰতৰ এই জয় উদযাপন কৰক৷ এতিয়া পাৰ্টী কৰাৰ সময়৷ কিন্তু মই মনে মনে ভাৱিছিলো ভাৰতেই জিকিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ