ভাৰতত অব্যাহত থকা হিজাব বিতৰ্কক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানে৷ ভাৰতীয় কূটনীতিবিদলৈ চমন জাৰি কৰিছে পাকিস্তানে৷ শিক্ষানুষ্ঠানত হিজাব পৰিধানত নিষেধাজ্ঞা আৰোপ কৰাক নিন্দনীয় আখ্যা দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে৷ হিজাব নিষেধাজ্ঞা সন্দৰ্ভত পাকিস্তানক অৱগত কৰিবৰ বাবে আহ্বান জনোৱা হৈছে ভাৰতক৷ ইফালে, পাকিস্তানৰ বিদেশমন্ত্ৰী শ্বাহ মাহমুদ কুৰেচীৰ মতে মুছলমান কন্যাক ইক্ষাৰ পৰা বঞ্চিত কৰাটো মৌলিক অধিকাৰ খৰ্ব কৰা আৰু হিজাব পৰিধানত বাধা নিষেধ আৰোপ কৰি দমন কৰা হৈছে মুছলমানক৷ একাংশই হিজাব পৰিধানৰ পক্ষত থাকিলেও আন একাংশ যুৱতীয়ে বিৰোধ প্ৰদৰ্শন কৰিছে হিজাবৰ৷ ৰাজস্থানত ‘খান ভগ্নী’ৰ হিজাবক লৈ বিৰোধ প্ৰদৰ্শন৷ হিজাব পিন্ধি বুলেট চলাই, ফ্লায়িং কিছ দি বিৰোধীতা কৰিছে হিজাবৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ