১২ লাখ টকা পৰ্যন্ত আয়ত দিব নালাগে কোনো কৰ৷ নতুন কৰ কাঠামোত লাভ কৰিব এই সুবিধা৷ শনিবাৰে ১ ফেব্ৰুৱাৰীত বাজেটত ডাঙৰ ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তেওঁ ঘোষণাত কয়, ‘চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ বেতনভোগীসকলৰ যিসকলে বছৰত ১২ লাখ ৭৫ হাজাৰ টকা পৰ্যন্ত আয় কৰে তেওঁলোকে দিব নালাগে কোনো আয়কৰ৷’
বাজেট বক্তৃতাত নতুন কৰ কাঠামোৰ কৰৰ নতুন শ্লেব ঘোষণা কৰে মন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ তেওঁ জনাইছে যে নতুন শ্লেৱত শূন্যৰ পৰা চাৰি লাখ টকা পৰ্যন্ত আয় শূন্য ৰখা হৈছে কৰৰ পৰিমাণ৷ ইয়াৰ পাছতেই ৪ৰ পৰা ৮লাখ পৰ্যন্ত আয়ত পাঁচ শতাংশ, ৮ৰ পৰা ১২লাখ আয়ত ১০শতাংশ আৰু ১২ৰ পৰা ১৬ লাখ টকাত ১৫শতাংশকৈ দিব লাগিব কৰ৷
কিন্তু ১২ লাখ টকা পৰ্যন্ত আয়ত বিভিন্ন ধৰণে কৰত ৰেহাই দিয়া হ’ব পাৰে৷ ইয়াৰোপৰি নতুন শ্লেৱত ১৬ৰ পৰা ২০লাখ টকা পৰ্যন্ত আয়ত ২০শতাংশ, ২০ৰ পৰা ২৪লাখ টকা পৰ্যন্ত আয়ত ২৫লাখ টকা আৰু ২৪লাখৰ ওপৰৰ আয়ৰ ক্ষেত্ৰত ৩০শতাংশ কৰৰ কথা কৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে৷
বিগত সময়ছোৱাত বাৰ্ষিক ৩লাখ টকা পৰ্যন্ত আয়ত আয়কৰ ৰেহাই আছিল৷ বছৰি আয়ৰ পৰিমাণ ৩ৰ পৰা ৭লাখ টকা হ’লে কৰ ধাৰ্য্য কৰা হৈছিল ৫শতাংশ৷ নতুন কৰ কাঠামোৰ পুৰণি শ্লেৱ অনুসৰি ৭ৰ পৰা ১০লাখ পৰ্যন্ত আয়ত ১০শতাংশ কৰ ধাৰ্য্য কৰিছিল কেন্দ্ৰই৷ ১০ৰ পৰা ১২ লাখ টকা পৰ্যন্ত ১৫শতাংশ, ১২ৰ পৰা ১৫ লাখ টকাত ২০শতাংশ আৰু ১৫লাখতকৈ বেছি আয়ৰ ক্ষেত্ৰত আছিল ৩০শতাংশ কৰ৷ বাজেট বক্তৃতাত আগন্তুক সপ্তাহত নতুন আয়কৰ বিল আহিব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে৷ তাতেই কৰৰ নিয়ম বহু সহজ কৰা হ’ব বুলি স্পষ্ট কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ